পশ্চিম বিলাসীপাৰা, 18 আগষ্ট :বিলাসীপাৰাৰ পশুৱাৰখালত মংগলবাৰে নিশা জিলা দণ্ডাধীশ, যোগান বিভাগ আৰু আৰক্ষীয়ে যৌথভাবে অভিযান চলাই বৃহৎ পৰিমাণৰ নীলা কেৰাচিন তেল জব্দ কৰে । বিলাসীপাৰা মহকুমাৰ দণ্ডাধীশ অভিজাত ভৌমিক, আবকাৰী বিভাগৰ উপ অধীক্ষক প্ৰেম সিং, যোগান বিভাগ আৰু আৰক্ষীৰ যৌথভাবে এই অভিযান চলায় ৷
বিলাসীপাৰাত বৃহৎ পৰিমাণৰ নীলা কেৰাচিন তেল জব্দ - বিলাসীপাৰাত বৃহৎ পৰিমাণৰ নীলা কেৰাচিন তেল জব্দ
নিচাজাতীয় তথা চোৰাং সামগ্ৰীৰ বিৰুদ্ধে সম্প্ৰতি ৰাজ্যত আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে ৷ এই অভিযানৰ সময়ত আৰক্ষীয়ে বিপুল সাফল্যও লাভ কৰিছে ৷ ইতিমধ্যে সৰ্বত্ৰে চৰ্চিত হৈছে অসম আৰক্ষীৰ এই ভূমিকা ৷
বিলাসীপাৰাত বৃহৎ পৰিমাণৰ নীলা কেৰাচিন তেল জব্দ
অভিযানকাৰী দলটোৱে অভিযানৰ সময়ত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ ৩৬০ লিটাৰ নীলা কেৰাচিন জব্দ কৰে ৷ পশুৱালখাল ওচমান আলীৰ ঘৰৰ পৰা জব্দ কৰে অভিযানকাৰী দলটোৱে জব্দ কৰে মজুত কৰি ৰখা নীলা কেৰাচিন তেলখিনি ৷ অৱশ্যে প্ৰশাসনৰ লোকৰ উপস্থিতিৰ সম্ভেদ লাভ কৰি চোৰাং তেল ব্যৱসায়ীটো পলায়ন কৰিবলৈ সক্ষম হয় ।