অসম

assam

ETV Bharat / state

বিলাসীপাৰাত দিনজোৰা কাৰ্যসূচীৰে কৃষক মেলাৰ আয়োজন - আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সা সামগ্ৰী প্ৰদৰ্শনী আৰু বিক্ৰী

মেলাত বিভিন্ন আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সা-সামগ্ৰী প্ৰদৰ্শনী আৰু বিক্ৰীৰ কৰাৰ লগতে আধুনিক কৃষিকাৰ্যত ব্যৱহৃত যন্ত্ৰৰ প্ৰদৰ্শন কৰে কৃষি বিজ্ঞান কেন্দ্ৰই |

উপস্থিত থাকে প্ৰায় 5শতাধিক লোক
বিলাসীপাৰা মহকুমাৰ ফুটকিবাৰী হাইস্কুলত এই আয়োজন

By

Published : Dec 6, 2019, 6:30 PM IST

বিলাসীপাৰা, 6 ডিচেম্বৰ: বৃহস্পতিবাৰে ধুবুৰী জিলাৰ বিলাসীপাৰাত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় কৃষক মেলা এই মেলাত প্ৰদৰ্শনী আৰু বিপণনৰো আয়োজন কৰা হয় ৷ ধুবুৰীৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত জলবায়ু সাপেক্ষে কৃষি ব্যৱস্থাপনা আঁচনিৰ অধীনত বিলাসীপাৰা মহকুমাৰ ফুটকিবাৰী হাইস্কুল খেল পথাৰত এই কৃষক মেলাৰ অনুষ্ঠিত হয় ৷

দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৃষক মেলা

অনুষ্ঠানত 250 গৰাকী কৃষকক ভূমি স্বাস্থ্য পত্ৰ প্ৰদান কৰা হয় | প্ৰায় 5শতাধিক কৃষক তথা ছাত্ৰ-ছাত্ৰী উপস্থিত থকা সভাখনত অতি কম খৰচত কিদৰে অধিক ফচল উৎপাদন কৰি লাভৱান হ'ব পাৰি সেই বিষয়ে বিস্তৃত আলোচনা কৰা হয় ৷

বিভিন্ন আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সা সামগ্ৰীৰ প্ৰদৰ্শন আৰু বিক্ৰী

অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিলাসীপাৰা মহকুমাৰ মহকুমাধিপতি মৃদুল যাদৱ উপস্থিত থকাৰ লগতে, কৃষি বিজ্ঞানী ডঃ সুনীল পাল, শৰৎ চন্দ্ৰ কৃষি মহাবিদ্যালয়ৰ সহকাৰী বিজ্ঞান অধ্যাপক ডঃ ৰঞ্জিত শৰ্মা, বিলাসীপাৰা মহকুমা কৃষি বিষয়া আহমেদ আলী, কৃষি বিজ্ঞান কেন্দ্ৰ ধুবুৰীৰ মুখ্য আৰু জ্যেষ্ঠ কৃষি বিজ্ঞানী চন্দন কুমাৰ ডেকা প্ৰমুখ্যে উপস্থিত থাকে কেইবাগৰাকীও কৃষি বিষয়া ৷

কৃষক মেলাৰ এক দৃশ্য

মেলাত বিভিন্ন আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সা সামগ্ৰী প্ৰদৰ্শনী আৰু বিক্ৰীৰ কৰাৰ লগতে আধুনিক কৃষিকাৰ্যত ব্যৱহৃত যন্ত্ৰৰ প্ৰদৰ্শন কৰে কৃষি বিজ্ঞান কেন্দ্ৰই |

আধুনিক কৃষিকাৰ্যত ব্যৱহৃত যন্ত্ৰৰো প্ৰদৰ্শন

লগতে পঢ়ক:পিয়াঁজৰ নাটনি কিয়?

ABOUT THE AUTHOR

...view details