ধুবুৰী, 1 এপ্ৰিল: COVID-19 ৰ বিৰুদ্ধে যুঁজিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে ধুবুৰী স্বাস্থ্য বিভাগ। ইতিমধ্যে জিলাখনৰ একমাত্ৰ অসামৰিক চিকিৎসালয়ত ৫০ খনকৈ আইছলেছন বিচনা সাজু কৰি ৰখাৰ বিপৰীতে তিনিটা স্তৰত চিকিৎসক আৰু নাৰ্চ সাজু কৰি ৰখা হৈছে ৷ ইমানেই নহয়, অবিভক্ত ধুবুৰী জিলাৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰক লৈ মুঠ ৯৮ খন আইছলেছন বিচনা সাজু কৰি ৰখা বুলি জনাইছে ধুবুৰী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ বি কে দাসে।
নিজামুদ্দিন মাৰ্কাজলৈ যোৱা ধুবুৰীৰ দুজন লোকৰ তেজৰ নমুনা সংগ্ৰহ - Dhubri people joined Nizamuddin Jamaat
নতুন দিল্লীৰ নিজামুদ্দিন মাৰ্কাজলৈ যোৱা দুজন লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰিছে ধুবুৰী স্বাস্থ্য বিভাগে।
ধুবুৰী
অসমত এজন লোক COVID-19 ত আক্ৰান্ত হোৱাৰ পাছতো সাধাৰণ ৰাইজ এতিয়াও সজাগ হোৱা নাই বুলি দুখ প্ৰকাশ কৰে ধুবুৰী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ বি কে দাসে।