অসম

assam

ETV Bharat / state

গাঁঠিৰ ধন ভাঙি শতাধিক লোকক কম্বল বিতৰণ পঞ্চায়ত প্ৰতিনিধিৰ - আমছু

আমছুৰ ৰাজ্যিক প্ৰাক্তন ছাত্ৰ নেতা জামাল হকে দীৰ্ঘ দিন ধৰি উৎসৱ-পাৰ্বণত দৰিদ্ৰ লোকৰ মাজত গাঁঠিৰ ধনেৰে বিতৰণ কৰি আহিছে কাপোৰকে আদি কৰি বিভিন্ন খাদ্য সামগ্ৰী ৷

ETV BHARAT
নিজৰ গাঁঠিৰ ধন ভাঙি  শতাধিক দুখীয়া মানুহক কম্বল বিতৰণ পঞ্চায়ত প্ৰতিনিধিৰ

By

Published : Jan 22, 2020, 10:50 AM IST

Updated : Jan 22, 2020, 1:52 PM IST

বিলাসীপাৰা, 22 জানুৱাৰীঃ বিলাসীপাৰাত এগৰাকী পঞ্চায়ত প্ৰতিনিধিয়ে দাঙি ধৰিলে মানৱীয়তাৰ এক উজ্বল নিদৰ্শন ৷ প্ৰায় তিনি শতাধিক দৰিদ্ৰ পৰিয়ালক বিতৰণ কৰিলে কম্বল ৷

নিজৰ গাঁঠিৰ ধন ভাঙি শতাধিক দুখীয়া মানুহক কম্বল বিতৰণ পঞ্চায়ত প্ৰতিনিধিৰ
এয়া কোনো চৰকাৰী আঁচনি নহয়,এয়া হ'ল এজন জনপ্ৰতিনিধিৰ দুখীয়া মানুহৰ প্ৰতি থকা মৰম ৷ নিজৰ গাঁঠিৰ ধন ভাঙি প্ৰায় তিনি শতাধিক দুখীয়া মানুহৰ মাজত বিতৰণ কৰে কম্বল ৷ আনন্দনগৰ বাঙালীপাৰাৰ গাওঁ পঞ্চায়তৰ নিৰ্দলীয় সভাপতি তথা আমছুৰ ৰাজ্যিক প্ৰাক্তন ছাত্ৰ নেতা জামাল হকে। স্থানীয় ৰাইজৰ লগতে বিশিষ্ট লোকৰ উপস্থিতিত দৰিদ্ৰ লোকৰ মাজত গৰম কাপোৰ বিতৰণ কৰিবলৈ পায় নিজকে ধন্য মানিছে বুলি ব্যক্ত কৰে পঞ্চায়ত সভাপতি গৰাকীয়ে | তাৰোপৰি নিৰ্দলীয় হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈ ৰাইজৰ বিপুল সহাঁৰি লাভ কৰি পঞ্চায়ত খনৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা জামাল হকে বিগত দিনৰে পৰা দুৰ্গা পূজা,ঈদ আদি উৎসৱতো দৰিদ্ৰ পৰিয়ালৰ মাজত বস্ত্ৰ বিতৰণ কৰি আহিছে | তাৰোপৰি আগন্তুক দিনতো এই ধৰণে দুখীয়া ৰাইজৰ বাবে সহায়ৰ হাত আগবঢ়াই যাব বুলি মন্তব্য কৰে পঞ্চায়ত সভাপতি জনে ৷
Last Updated : Jan 22, 2020, 1:52 PM IST

ABOUT THE AUTHOR

...view details