পশ্চিম বিলাসীপাৰা, 31 জুলাই : সম্প্ৰতি অসমৰ বিভিন্ন স্থানত বিৰাজ কৰিছে ক'লা মানুহ (Black Man)ৰ সন্ত্ৰাস । ক'লা মানুহৰ অন্ধবিশ্বাসৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে শনিবাৰে বিলাসীপাৰাত মহকুমাৰ আৰক্ষী উদ্যোগত আৰু ধুবুৰী প্ৰশাসনৰ সহযোগত "মিছন বিৰুবালা" (Mission Birubala)নামৰ স্বেচ্ছাসেৱী সংগঠন এটাই এক সজাগতামূলক সভা অনুষ্ঠিত কৰে । বিলাসীপাৰাৰ গান্ধী চ'কত অনুষ্ঠিত সভাত সংগঠনটোৰ সভানেত্ৰীকে ধৰি বিষয়ববীয়াই অন্ধবিশ্বাসৰ ওপৰত এক মনোজ্ঞ আলোচনা আগবঢ়ায় । সভাত থকা বক্তাসকলে ক'লা মানুহৰ কোনো অস্তিত্ব নাই বুলি সভাত মতপোষণ কৰে ।
মিছন বিৰুবালাৰ বিষয়ববীয়াই ক’লা মানুহ (Black Man)ৰ সন্ত্ৰাসৰ বিৰুদ্ধে ৰাইজক সজাগ হোৱাৰ লগতে আৰক্ষীৰ লগত যোগাযোগ ৰাখিবলৈ আহ্বান জনায় । সম্প্ৰতি নামনি অসমত বিশেষকৈ বঙাইগাঁৱত(Bongaogaon District) ক’লা মানুহৰ আতংকৰ সৃষ্টি হৈছে । ক'লা মানুহক লৈ বঙাইগাঁৱতো এক আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে ৷
ইতিমধ্যে ক'লা মানুহক লৈ আতংকৰ সৃষ্টি হোৱা জিলাসমূহত প্ৰশাসনে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ । ঠায়ে ঠায়ে এনে বিভিন্ন স্বেচ্ছাসেৱী সংগঠনক লৈ প্ৰশাসনে আৰম্ভ কৰিছে সজাগতা সভা ৷ এনে সজাগতা সভাসমূহত সকলোৱে ক’লা মানুহৰ আতংকৰ মাজত এচামে নিজৰ স্বাৰ্থ সিদ্ধি কৰাৰ কথা একমুখে স্বীকাৰ কৰিছে ৷