অসম

assam

চাপৰত ভাৰতীয় জনতা যুৱ মৰ্চাৰ বিশাল বাইক আৰু ই-ৰিক্সা ৰেলী

By

Published : Feb 24, 2021, 9:15 PM IST

ভাৰতীয় জনতা যুৱ মৰ্চাৰ চাপৰ টাউন মণ্ডলৰ উদ্যোগত আৰু ধুবুৰী পূৱ জিলাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ সহযোগত এক বিশাল বাইক আৰু ই-ৰিক্সা ৰেলী প্ৰদৰ্শন । বিজেপিৰ মিছন ১০০+ ৰ অংশ হিচাপে চাপৰত গণ সম্পৰ্ক অভিযানৰ এই বিশাল বাইক আৰু ই-ৰিক্সা ৰেলী ।

চাপৰত ভাৰতীয় জনতা যুৱ মৰ্চাৰ বিশাল বাইক আৰু ই-ৰিক্সা ৰেলী
চাপৰত ভাৰতীয় জনতা যুৱ মৰ্চাৰ বিশাল বাইক আৰু ই-ৰিক্সা ৰেলী

পূৱ বিলাসীপাৰা, ২৪ ফেব্ৰুৱাৰী: ২১ ৰ বিধানসভা নিৰ্বাচন সমাগত । ৰাজ্যৰ চৌদিশে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, মাটিৰ পট্টা প্ৰদান, কা বিৰোধী তীব্ৰ প্ৰতিবাদ আদি অব্যাহত থকাৰ মাজতে বুধবাৰে ধুবুৰী জিলাৰ পূৱ বিলাসীপাৰাৰ চাপৰত ভাৰতীয় জনতা যুৱ মৰ্চাৰ বিশাল বাইক আৰু ই-ৰিক্সা ৰেলী ।

আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ চাপৰ টাউন মণ্ডলৰ উদ্যোগত আৰু ধুবুৰী পূৱ জিলাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ সহযোগত এক বিশাল বাইক আৰু ই-ৰিক্সা ৰেলী প্ৰদৰ্শন কৰা হয় । সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলাতো বিজেপি দলে ৰূপায়ণ কৰে জন সম্পৰ্ক অভিযান । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ মিছন ১০০+ ৰ অংশ হিচাপে চাপৰত গণ সম্পৰ্ক অভিযানৰ এই বিশাল বাইক আৰু ই-ৰিক্সা ৰেলী যুৱ মৰ্চাৰ ।

চাপৰত ভাৰতীয় জনতা যুৱ মৰ্চাৰ বিশাল বাইক আৰু ই-ৰিক্সা ৰেলী

চাপৰৰ গান্ধী ময়দানৰ পৰা আৰম্ভ হোৱা এই ৰেলী ১৭নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ ১৫ কি: মি: লৈকে প্ৰদৰ্শন কৰা হয় । উক্ত ৰেলীত উপস্থিত থাকে বিজেপিৰ ভালে সংখ্যক নেতা-কৰ্মী । উল্লেখ্য যে, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা আঁচনি সমূহ সম্পৰ্কে ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ উদ্দেশ্যে বিজেপিয়ে এই অভিযান আৰম্ভ কৰিছে । এই অভিযানৰ জৰিয়তে এইবাৰ ধুবুৰী সমষ্টি বিজেপিয়ে নিজৰ দখললৈ নিয়াৰ বাবে সাজু হৈছে বুলিও আশা কৰে বিজেপি কৰ্মীসকলে ।

লগতে পঢ়ক:অসম জাতীয় পৰিষদৰ নাহৰকটীয়াৰ সমিতি গঠন

ABOUT THE AUTHOR

...view details