ধুবুৰী, 27 অক্টোবৰ :বিজয়া দশমীৰ দিনা ধুবুৰীত সুৰাত মতলীয়া অবস্থাত কৰ্তব্যৰত আৰক্ষীক বেয়া ব্যৱহাৰ কৰাৰ অভিযোগত আৰক্ষীয়ে চাৰি গৰাকী বিজেপি কৰ্মীক গ্ৰেপ্তাৰ কৰাৰ পিচতে ৰাজনৈতিক হেচাত পৰৱৰ্তী সময়ত কৰ্মী 4 গৰাকীক মুকলি কৰি দিয়াক কেন্দ্ৰ কৰি ধুবুৰীত অব্যাহত আছে প্ৰতিক্ৰিয়া ৷
ঘটনাৰ বিৱৰণ অনুসৰি, বিজয়া দশমীৰ দিনা বিজেপিৰ ধুবুৰী টাউন মণ্ডল যুৱ মৰ্চাৰ সভাপতি সোমনাথ চক্ৰৱৰ্তী, গৌৰীপুৰ টাউন মণ্ডল যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক সৌৰৱ দে সহ কেইবাজনো বিজেপিৰ নেতাকৰ্মীয়ে আৰক্ষীক অপদস্থ কৰাৰ উপৰিও আৰক্ষী থানা উৰুৱাই দিয়াৰ ভাবুকি দিছিল বিজেপি নেতাকৰ্মী কেইজনে । পৰৱৰ্তী সময়ত আৰক্ষীয়ে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছিল চাৰি বিজেপি নেতাকৰ্মীয়ে ।
লগতে পঢ়ক :দীৰ্ঘ সময়ৰ বিৰতিৰ অন্তত 'কা' সম্পৰ্কীয় আবেদনৰ শুনানি ল'ব শীৰ্ষ আদালতে