অসম

assam

By

Published : Oct 28, 2020, 3:43 PM IST

ETV Bharat / state

ওলোটাকৈ উৰিল বিজেপিৰ দলীয় পতাকা

ধুবুৰীত অনুষ্ঠিত হৈছে জিলা সংখ্যালঘু মৰ্চাৰ কাৰ্য নিৰ্বাহক সভা ৷ উক্ত সভাত অংশগ্ৰহণ কৰিছে অসম ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি মুক্তাৰ হুছেইন খানে । এইবেলি বিজেপিয়ে 101 খন আসন লাভ কৰিব বুলি দাবী কৰে নেতাগৰাকীয়ে ৷ মিঞা মিউজিয়ামৰ প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ নেতাগৰাকীৰ ৷

BJP State minority committee president visit dhubri assam etv bharat news
ধুবুৰী বিজেপিৰ সংখ্যালঘু মৰ্চাৰ কাৰ্য নিৰ্বাহক

ধুবুৰী,28 অক্টোবৰ:ক্ৰমাৎ ওচৰ চাপিছে পৰৱৰ্তী অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ৷ নিৰ্বাচনক কেন্দ্ৰ কৰি যুদ্ধকালীন প্ৰস্তুতি চলিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলৰ মাজত ৷ জিলাই জিলাই অনুষ্ঠিত হৈছে নিৰ্বাচনীকেন্দ্ৰিক প্ৰচাৰ সভা ৷ তেনে সময়তে অসম ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ কাৰ্য নিৰ্বাহকত অংশগ্ৰহণৰ উদ্দেশ্যে ধুবুৰীত উপস্থিত হৈছে প্ৰাক্তন বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি মুক্তাৰ হুছেইন খান ৷ সভাপতিগৰাকী ধুবুৰীত উপস্থিত হোৱাৰ পিছতে এক বাইক ৰেলীৰ আয়োজন কৰে জিলা টাউন মণ্ডলৰ সংখ্যালঘু মৰ্চাৰ সদস্যসকলে ৷ মৰ্চাৰ সভাপতি ৰেজ্জাক খানৰ নেতৃত্বত উলিওৱা উক্ত বাইক ৰেলীৰ সামৰণি পৰে ফলিমাৰীত ৷ ফলিমাৰীত অনুষ্ঠিত অনুষ্ঠিত কাৰ্য নিৰ্বাহক সভাত অংশগ্ৰহণ কৰে মুক্তাৰ হুছেইন খানৰ লগতে জিলা বিজেপিৰ সভাপতি ডাঃ দেৱময় সান্যালে ৷

ধুবুৰী বিজেপিৰ সংখ্যালঘু মৰ্চাৰ কাৰ্য নিৰ্বাহক

ইফালে,এই সভাৰ পোনতে ঘটে এক অথন্তৰ ৷ সভা অনুষ্ঠিত হোৱাৰ পূৰ্বে উত্তোলন কৰা দলীয় পতাকাখন ওলোটাকৈ উৰাতহে সচেতন হয় বিজেপিৰ কৰ্মকৰ্তাসকল ৷ ধুবুৰী জিলা বিজেপিৰ সভাপতি ডাঃ দেৱময় সান্যালে ওলোটাকৈ উত্তোলন কৰি দলীয় পতাকাখন ৷ এই ঘটনা দৃষ্টিগোচৰ হোৱাৰ পিছতে পতাকাখন নমাই আনি পুনৰ উত্তোলন কৰা হয় ৷ সভাত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতিগৰাকীয়ে পৰৱৰ্তী নিৰ্বাচনত দলটোৱে 100 আসন লাভ কৰিব বুলি দাবী উত্থাপন কৰে ৷

ওলোটাকৈ উৰিল বিজেপিৰ দলীয় পতাকা

তদুপৰি,সম্প্ৰতি ৰাজ্যৰ বিতৰ্কিত বিষয় হিচাপে চিহ্নিত হোৱা মিঞা মিউজিয়ামৰ প্ৰসংগতো মুখ খোলে খানে ৷ মুক্তাৰ হুছেইন খানে এয়া কংগ্ৰেছ আৰু এআইইউডিএফৰ নিকৃষ্ট ৰাজনীতি বুলি দাবী কৰে ৷

লগতে চাওকঃপূৰ্বতকৈ পলমকৈ অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা

ABOUT THE AUTHOR

...view details