ধুবুৰী,২১ ফেব্ৰুৱাৰী: ২১ ৰ বিধানসভা নিৰ্বাচন সমাগত । ৰাজ্যৰ চৌদিশে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, মাটিৰ পট্টা প্ৰদান, কা বিৰোধী তীব্ৰ প্ৰতিবাদ আদি অব্যাহত থকাৰ মাজতে শুকুৰবাৰে ধুবুৰী জিলাৰ গৌৰীপুৰত শাসকীয় দল বিজেপিৰ শক্তি প্ৰদৰ্শন । আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে ধুবুৰী জিলাৰ গৌৰীপুৰত শাসকীয় দল বিজেপিয়ে প্ৰদৰ্শন কৰে নিজৰ শক্তি । শতাধিক লোকৰ সমাগমেৰে শক্তি প্ৰদৰ্শন বিজেপিৰ ।
এআইইউডিএফ-ৰ দখলত থকা ধুবুৰীৰ গৌৰীপুৰ সমষ্টিত শক্তি প্ৰদৰ্শন বিজেপিৰ । ধুবুৰী জিলা বিজেপিৰ যুৱ মৰ্চাৰ উদ্যোগত গৌৰীপুৰত বিজেপিয়ে শুকুৰবাৰে উলিয়াই বিশাল 'পট পৰিৱৰ্তন' নামৰ এক ৰাজনৈতিক পদযাত্ৰা ।
উল্লেখ্য যে, বিজেপি চৰকাৰৰ কাৰ্যকালত বিজেপি বিধায়ক থকা সমষ্টিবোৰত যথেষ্ট উন্নতি হৈছে কিন্তু তাৰ সমান্তৰালকৈ এ আই ইউ ডি এফৰ দখলত থকা ধুবুৰী গৌৰীপুৰ সমষ্টিত তেনে উন্নয়ন হোৱা নাই বুলি উল্লেখ কৰে ধুবুৰী জিলা যুৱ মৰ্চাৰ সভাপতি নিৰ্মোল্য পালে । সেয়ে ভোটাৰ ৰাইজৰ মাজত ৰাজনৈতিক সজাগতা সৃষ্টিৰ বাবে বিজেপিয়ে 'পট পৰিৱৰ্তন' কাৰ্য্যসূচী ৰূপায়ণ কৰে । ধুবুৰী জিলা বিজেপিৰ সভাপতি ডাঃ দেৱময় সান্যালৰ উপস্থিতিত ধুবুৰী সমষ্টিত উলিওৱা পট পৰিৱৰ্তনৰ পদযাত্ৰা ধুবুৰী সদৰ চহৰৰ বিভিন্ন অঞ্চলেৰে গৈ পাৰ্শ্বৱৰ্তী অঞ্চল ঝগৰাৰপাৰ অঞ্চলত সমাপ্ত হয় ।