অসম

assam

By

Published : Nov 7, 2020, 9:57 PM IST

ETV Bharat / state

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ধুবুৰীত বিজেপিৰ প্ৰতিবাদ

শিলচৰ বিমান বন্দৰত এ আই ইউ ডিএফৰ সমৰ্থকে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া ভিডিঅ' ভাইৰেল হৈ পৰাৰ পাছতে প্ৰতিবাদ মুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ শনিবাৰে এআই ইউডিএফৰ সভাপতি বদৰউদ্দিন আজমলৰ প্ৰতিকৃতি দাহ কৰে ধুবুৰী জিলা বিজেপিৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলে ৷

AS_DHB_02_BJP_PROTEST_AGAINST_AIUDF_img_7203850
বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ধুবুৰীত বিজেপিৰ প্ৰতিবাদ

ধুবুৰী,7নৱেম্বৰ:শনিবাৰে ধুবুৰীত এ আই ইউ ডিএফৰ সভাপতি বদৰউদ্দিন আজমলৰ প্ৰতিকৃতি দাহ ৷ শুকুৰবাৰে শিলচৰ বিমান বন্দৰত এ আই ইউ ডিএফৰ সমৰ্থকে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া ভিডিঅ' ভাইৰেল হৈ পৰাৰ পাছতে প্ৰতিবাদ মুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ বিভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শনিবাৰে ধুবুৰী জিলা বিজেপিৰ উদ্যোগত ধুবুৰী চহৰৰ মাজ মজিয়াত বিজেপি যুৱ মৰ্চাই সাব্যস্ত কৰে প্ৰতিবাদ ৷

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ধুবুৰীত বিজেপিৰ প্ৰতিবাদ

ভাৰতৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া কাৰ্যৰ ঘোৰ বিৰোধিতা কৰি সমগ্ৰ ৰাজ্যতে জ্বলিছে প্ৰতিবাদৰ জুই ৷ সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে সৰ্বত্ৰে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ পাকিস্তান মূর্দাবাদ, বদৰুদ্দিন আজমল মূর্দাবাদ, ভাৰত মাতা কি জয়, জয় শ্ৰী ৰাম আদি শ্ল'গান দি বদৰুদ্দিন আজমলৰ প্ৰতিকৃতি দাহ কৰে ধুবুৰী জিলা বিজেপিৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলে ৷

লগতে পঢ়ক:ভাৰত-ভূটান সীমান্তত AIUDF ৰ সভাপতি বদৰউদ্দিন আজমলৰ প্ৰতিকৃতি দাহ

ABOUT THE AUTHOR

...view details