পূৱ বিলাসীপাৰা,১৫ মাৰ্চ:সোমবাৰে পূৱ বিলাসীপাৰাত উপস্থিত হয় বিধায়ক অশোক কুমাৰ সিংঘী ৷ চাপৰৰ বহলপুৰত ২৭ নং পূৱ বিলাসীপাৰা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অশোক কুমাৰ সিংঘীক কাষতে পাই উৎফুল্লিত হৈ পৰিছে সমষ্টিবাসী ৷ সিংঘীক বিশাল বাইক ৰেলীৰ মাজেৰে উষ্ম আদৰণি জনোৱা হয় সমষ্টিলৈ ৷
বহলপুৰত অশোক কুমাৰ সিংঘীক উষ্ম আদৰণি
পশ্চিমবংগৰ তৃণমূল দলৰ জনপ্ৰিয় নিৰ্বাচনী গীত ‘‘খেলা হবে’’ পূৱ বিলাসীপাৰাৰ বিজেপি কৰ্মীৰ মুখে-মুখে । সঁচাকৈ পূৱ বিলাসীপাৰাত ২০২১ নিৰ্বাচনত খেলা হ’ব নেকি ! বিজেপি প্ৰাৰ্থী অশোক কুমাৰ সিংঘী টিকট লৈ পূৱ বিলাসীপাৰাত উপস্থিত হোৱাৰ সময়ত বিজেপি কৰ্মীৰ মুখে মুখে কেৱল খেলা হবে খেলা হবে গীতৰ গুণ-গুণনি । চাপৰৰ বহলপুৰত বিজেপি প্ৰাৰ্থী অশোক কুমাৰ সিংঘীক উষ্ম আদৰণি দলীয় কৰ্মী আৰু ৰাইজৰ ৷
চাপৰৰ বহলপুৰত বিজেপি প্ৰাৰ্থী অশোক কুমাৰ সিংহীক উষ্ম আদৰণি
বিধায়ক অশোক কুমাৰ সিংঘীৰ বাইক ৰেলীয়ে পূৱ বিলাসীপাৰাত ২০২১ ৰ নিৰ্বাচনী যুঁজখন যেন আকৰ্ষণীয় হৈ পৰিছে ৷ পশ্চিমবংগৰ তৃণমূল দলৰ জনপ্ৰিয় নিৰ্বাচনী গীতত নাচি-বাগি আনন্দমুখৰ হৈ পৰিছে পূৱ বিলাসীপাৰাৰ ৰাজপথ ৷
লগতে পঢ়ক:18 মাৰ্চত কৰিমগঞ্জৰ জনসভাত ভাগ ল’ব প্ৰধানমন্ত্ৰী মোডীয়ে