ধুবুৰী, ২১ ডিচেম্বৰ: বিটিচি আৰু তিৱা পৰিষদীয় নিৰ্বাচনৰ পিছত এইবাৰ ২০২১ৰ বিধানসভা নিৰ্বাচনৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে বিজেপিয়ে । শসনৰ বাঘজৰী নিজৰ হাততে ৰখাৰ লক্ষ্যৰে ৰণকৌশল যুগুত কৰিছে দলৰ শীৰ্ষ নেতৃত্বই । দেওবাৰে নিশা ধুবুৰী বিধানসভা সমষ্টিৰ ভাষাণিৰ চৰ গাঁও পঞ্চায়তত অনুষ্ঠিত হয় বিজেপিৰ জন সম্পৰ্ক অভিযান। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিজপি নেতা উত্তম কুমাৰ প্ৰসাদে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনি সম্পৰ্কে বক্তব্য আগবঢ়ায় ।
লগতে তেওঁ কয় যে,আগন্তক বিধানসভা নিৰ্বাচনত ধুবুৰী মহকুমাৰ তিনিও খন সমষ্টিয়েই বিজেপিৰ দখললৈ যাব আৰু বিজেপিৰ প্ৰতি ভোটাৰ ৰাইজ আকৃষ্ট হৈ বিজেপিত যোগদান কৰাৰ লগতে বিজেপিৰ সভা-সমিতিলৈ সংখ্যালঘু লোকৰ সোঁত বৈছে । আনহাতে,সভাত উপস্থিত থকা একাংশ মহিলাৰ মতে,প্ৰতি মাহে ৮৩০ টকাকৈ প্ৰদান কৰাৰ আশা দেখুৱাই বিজেপিৰ কৰ্মকৰ্তাই তেওঁলোকক সভাত উপস্থিত হ'বলৈ কৈছিল ।