অসম

assam

ETV Bharat / state

ধুবুৰীত বিজেপিৰ জন সম্পৰ্ক অভিযান

সমাগত বিধানসভা নিৰ্বাচনক লৈ গেৰুৱা বাহিনীৰ মাজত আৰম্ভ হৈছে কাউন্ট ডাউন । ধুবুৰীৰ ইছলাম নগৰত এখন জন জাগৰণ সভা অনুষ্ঠিত কৰি নিৰ্বাচনী প্ৰচাৰ চলায় বিজেপি নেতা তথা গৌৰীপুৰ সমষ্টিৰ প্ৰভাৰী উত্তম কুমাৰ প্ৰসাদে । বিশেষকৈ সংখ্যালঘু অঞ্চলসমূহত এনে সভা অনুষ্ঠিত কৰি সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে উত্তম কুমাৰ প্ৰসাদে ।

By

Published : Jan 24, 2021, 10:16 AM IST

ধুবুৰীত বিজেপিৰ জন সম্পৰ্ক অভিযান
ধুবুৰীত বিজেপিৰ জন সম্পৰ্ক অভিযান

ধুবুৰী, ২৪ জানুৱাৰী: অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰতা বাঢ়িছে সকলো ৰাজনৈতিক দল-সংগঠনৰ । ৰাজ্যৰ অন্যান্য দলসমূহৰ লগতে দ্বিতীয় বাৰৰ বাবে পুনৰ দিছপুৰৰ গাদী দখল কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে শাসনাধিষ্ঠ বিজেপি দলে । ইতিমধ্যে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰিছে গেৰুৱা বাহিনীয়ে । তাৰ সমান্তৰালকৈ ধুবুৰী জিলা বিজেপিয়ে দিনে-নিশাই জিলাখনৰ বিভিন্ন অঞ্চলত চলাইছে জন সম্পৰ্ক অভিযান ।

উত্তম কুমাৰ প্ৰসাদৰ উদাত্ত ভাষণ

শনিবাৰে নিশা ধুবুৰীৰ ইছলাম নগৰত এখন জন জাগৰণ সভা অনুষ্ঠিত কৰি এক প্ৰকাৰ নিৰ্বাচনী প্ৰচাৰ চলায় বিজেপি নেতা তথা গৌৰীপুৰ সমষ্টিৰ প্ৰভাৰী উত্তম কুমাৰ প্ৰসাদে । বিশেষকৈ সংখ্যালঘু অঞ্চলসমূহত এনে সভা অনুষ্ঠিত কৰি সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে উত্তম কুমাৰ প্ৰসাদে ।

ইছলাম নগৰত জন জাগৰণ সভা

সভাত প্ৰসাদে নিজৰ ভাষণত সাংসদ বদৰুদ্দিন আজমলক লক্ষ্য কৰি লৈ তীব্র সমালোচনা কৰি আগন্তুক নিৰ্বাচনত বিজেপিয়ে ধুবুৰী মহকুমাৰ অন্তৰ্গত ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ সমষ্টি নিজৰ দখলত নিবলৈ সক্ষম হ'ব বুলি দাবী কৰে উত্তম কুমাৰ প্ৰসাদে ।

ইছলাম নগৰবাসী

উল্লেখ্য যে, একাংশ ৰাজনৈতিক দলে সংখ্যালঘু ভোটাৰসকলক লৈ ভোট বেংকৰ ৰাজনীতি কৰি অহাৰ সময়তে বিজেপিয়ে তেনে সংখ্যালঘু অধ্যুষিত অঞ্চলত নিজৰ ভেটি শক্তিশালী কৰিবলৈ আৰম্ভ কৰিছে ।

লগতে পঢ়ক: থলগিৰিৰ কথাৰে মনোৰম গগৈৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ

ABOUT THE AUTHOR

...view details