অসম

assam

ETV Bharat / state

ধুবুৰী জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক - ধুবুৰী জিলাত বিজেপিৰ কাৰ্যনিৰ্বাহক অনুষ্ঠিত

ধুবুৰী জিলাত এদিনীয়া কাৰ্যসূচীৰে বিজেপিৰ কাৰ্যনিৰ্বাহক অনুষ্ঠিত (BJP functionaries held in Dhubri district)৷ এই কাৰ্যনিৰ্বাহকত জিলাখনৰ কেবাটাও গুৰুত্বপূৰ্ণ সমস্যাৰ ওপৰত পৰ্যালোচনা কৰা হয় ৷

BJP functionaries held in Dhubri district
ধুবুৰী জিলাত বিজেপিৰ কাৰ্যনিৰ্বাহক অনুষ্ঠিত

By

Published : Jul 4, 2022, 6:52 AM IST

ধুবুৰী, 4 জুলাই :ৰাজ্যজুৰি বানৰ সংহাৰ অব্যাহত থকাৰ মাজতেই ধুবুৰী জিলাত এদিনীয়া কাৰ্যসূচীৰে বিজেপিৰ কাৰ্যনিৰ্বাহক অনুষ্ঠিত হয় (BJP functionaries held in Dhubri district)৷ জিলাখনৰ মটেৰঝেৰা গাঁও পঞ্চায়তত পুৱা 10 বজাৰ পৰা দলটোৰ জিলা কমিটিৰ উপস্থিতিত কেবাটাও গুৰুত্বপূৰ্ণ সমস্যাৰ ওপৰত পৰ্যালোচনা কৰা হয় ৷

ধুবুৰী জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক

এই প্ৰস্তাৱসমূহৰ ভিতৰত অন্যতম গোলকগঞ্জৰ নৱ নিৰ্মিত দলংখন প্ৰাক্তন বিধায়ক দীনেশ চন্দ্ৰ সৰকাৰৰ নামত নামাকৰণৰ প্ৰস্তাৱ লোৱা হয় ৷ ইয়াৰোপৰি জিলাখনৰ সেনপাৰাত উৰনীয়া সেতু, ধুবুৰী গৌৰীপূৰৰ মাজত যানজঁট লাঘৱ কৰিৱলৈ এটা বিকল্প পথ, ধুবুৰীত পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজ, ধুবুৰীক কৃত্ৰিম বানৰ পৰা ৰক্ষা কৰাৰ আঁচনি, ধুবুৰীৰ পৰা গুৱাহাটীলৈ নিতৌ ৰে’লৰ ব্যৱস্থা কৰা, শীতলগৃহ, অহৰ্নিশে ৰূপসী বিমান বন্দৰত বিমান অৱতৰণৰ ব্যবস্থা, চিকিৎসালয় সমুহত নিয়মীয়াভাৱে পৰ্য্যাপ্ত চিকিৎসকৰ উপস্থিতি, গোলকগঞ্জৰ পৰা গৌৰীপুৰলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ লগতে কেইবাটাও দাবী প্ৰস্তাৱ গ্ৰহণ কৰা হয় কাৰ্যনিৰ্বাহকখনত ৷

জিলাখনৰ সভাপতি প্ৰসেনজিত দত্তই দলীয় পতাকা উত্তোলেনেৰে জিলা বিজেপিৰ কাৰ্য্যনিৰ্বাক সভা দিনজোৰা বিভিন্ন কাৰ্য্যসূচী ৰূপায়ন কৰে ৷ কাৰ্য্যনিৰ্বাহকত জিলা বিজেপিৰ প্ৰভাৰী অনুপ বৰ্মন আৰু সহ প্ৰভাৰী বিজু সৰকাৰ উপস্থিত থাকে ৷

লগতে পঢ়ক :বোকা পানী গচকি বন্যাৰ্তৰ কাষত উপস্থিত মন্ত্ৰী বিমল বৰা

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details