অসম

assam

ETV Bharat / state

ধুবুৰীত বিজেপিৰ জন সম্পৰ্ক অভিযান

ধুবুৰীত শাসকীয় বিজেপি দলৰ নেতাসকলে দিনে নিশাই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে । তেনে সময়তে বিজেপিয়ে ঘৰে ঘৰে আৰম্ভ কৰিছে জন সম্পৰ্ক অভিযানৰ ।

By

Published : Feb 23, 2021, 9:47 PM IST

ধুবুৰীত বিজেপিৰ জন সম্পৰ্ক অভিযান
ধুবুৰীত বিজেপিৰ জন সম্পৰ্ক অভিযান

ধুবুৰী,২৩ ফেব্ৰুৱাৰী: সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলাতো বিজেপি দলে ৰূপায়ণ কৰে জন সম্পৰ্ক অভিযানৰ । শীৰ্ষ নেতৃত্বৰ আহ্বান মৰ্মে ধুবুৰী জিলা বিজেপিৰ সভাপতি ডাঃ দেৱময় সান্যালকে ধৰি বিভিন্ন পৰ্য্যায়ৰ নেতা-কৰ্মী সকলে ভোটাৰ ৰাইজৰ ঘৰে ঘৰে গৈ জন সম্পৰ্ক অভিযান আৰম্ভ কৰে ।

ধুবুৰীত বিজেপিৰ জন সম্পৰ্ক অভিযান

উল্লেখ যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা আঁচনি সমূহ সম্পৰ্কে ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ উদ্দেশ্যে বিজেপিয়ে এই অভিযান আৰম্ভ কৰিছে । এই অভিযানৰ জৰিয়তে এইবাৰ ধুবুৰী সমষ্টি বিজেপিয়ে নিজৰ দখললৈ নিয়াৰ বাবে সাজু হৈছে বুলিও আশা কৰে বিজেপি কৰ্মীসকলে ।

লগতে পঢ়ক:নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চিৰাং আৰক্ষীৰ

ABOUT THE AUTHOR

...view details