পশ্চিম বিলাসীপাৰা, 11 জুলাই :সমগ্ৰ ৰাজ্যৰ লগতে বিলাসীপাৰাতো বিকল্প মূল্যায়নৰ মাৰ্কশ্বীটক লৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত তীব্ৰ উৎকন্ঠাৰ সৃষ্টি হৈছে । বিশেষকৈ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ শিক্ষাৰ্থীয়ে ইতিমধ্যে প্ৰতিটো বিষয়তে ব্যৱহাৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে ৷ সেই অনুসৰি নিৰীক্ষকসকলে ব্যৱহাৰিক পৰীক্ষাৰ নম্বৰসমূহ কাউন্সিললৈ প্ৰেৰণ কৰিছে ৷ কিন্তু অনিয়মীয়া ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ক্ষেত্ৰত বৈষম্যমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ অভিযোগ তুলি হতাশাত ভোগা দেখা গৈছে ৷
অনিয়মীয়া ছাত্ৰ-ছাত্ৰীসকলে ইতিমধ্যে অৱতীৰ্ণ হোৱা ব্যৱহাৰিক পৰীক্ষাত পোৱা ৩০ শতাংশ নম্বৰ সংযোগ কৰাৰ পৰিবৰ্তে উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ প্ৰথম বৰ্ষৰ পৰীক্ষাত পোৱা নম্বৰৰ ৪০ শতাংশহে সংযোগ কৰিব ৷ এইক্ষেত্ৰত অনিয়মীয়া ছাত্ৰ-ছাত্ৰীসকল ভীষণভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰা হৈছে ৷ যাৰ বাবে তেনে অনিয়মীয়া পৰীক্ষাৰ্থীসকলে চৰম হতাশাত ভুগিবলগীয়া হৈছে ।