অসম

assam

ETV Bharat / state

বিলাসীপাৰাত এপিডিচিএলৰ পৰীক্ষা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

বিলাসীপাৰাৰ এপিডিচিএলৰ বাছনি পৰীক্ষা কেন্দ্ৰত দেওবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ নিৰীক্ষকে পৰীক্ষাৰ্থীক নকল যোগান ধৰাক কেন্দ্ৰ কৰি এই পৰিস্থিতি ৷ ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত সংঘটিত হয় এই ঘটনা ৷

বিলাসীপাৰাত এপিডিচিএল ৰ বাছনি পৰীক্ষা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

By

Published : Apr 28, 2019, 5:51 PM IST

বিলাসীপাৰা, 28 এপ্ৰিল: বিলাসীপাৰাৰ এপিডিচিএল ৰ বাছনি পৰীক্ষা কেন্দ্ৰত দেওবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ নিৰীক্ষকে পৰীক্ষাৰ্থীক নকল যোগান ধৰাক কেন্দ্ৰ কৰি এই পৰিস্থিতি ৷ ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত সংঘটিত হয় এই ঘটনা ৷

শিক্ষকতাৰ দৰে মহান বৃত্তিত নিয়োজিত শিক্ষকে যেতিয়া দুৰ্নীতিৰ আশ্ৰয় লয় তেতিয়া কিমান সুৰক্ষিত হ’ব শিক্ষা বিভাগ ৷ ভেনু ক'ড নম্বৰ 1003 ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত দেওবাৰে অনুষ্ঠিত হয় এপিডিচিএলৰ বাছনি পৰীক্ষা ৷ পৰীক্ষা কেন্দ্ৰটোৰ ৪ নম্বৰ কোঠালীত স্বয়ং নিৰীক্ষকৰূপী শিক্ষকে এজনে এগৰাকী ছাত্ৰীক নকল যোগান ধৰাৰ অভিযোগ উঠিছে | নিৰীক্ষকজনে এই দৰে নকল যোগান ধৰা কাণ্ডক প্ৰত্যক্ষ কৰি প্ৰথমে তবধ মানে পৰীক্ষাৰ্থী সকলে আৰু পিছলৈ এনে ঘটনাৰ প্ৰতিবাদত ক্ষুব্ধ হৈ পৰীক্ষা কেন্দ্ৰটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷

বিলাসীপাৰাত এপিডিচিএল ৰ বাছনি পৰীক্ষা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

লগতে পঢ়ক: এবছৰ ধৰি চাকৰিলৈ নোযোৱাকৈ ঘটি আছে চৰকাৰী ধন !

পিছত পৰীক্ষা কেন্দ্ৰটোত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ ক্ষুব্ধ পৰীক্ষাৰ্থীৰ একাংশই পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে ঘটনাৰ উচিত তদন্ত গ্ৰহণৰ দাবী উত্থাপন কৰিছে ৷ উল্লেখ্য যে, নকল যোগান ধৰা ছাত্ৰী পৰীক্ষাৰ্থী গৰাকীৰ ৰোল নং 200890 বুলি জানিব পৰা গৈছে ৷ অভিযোগ মতে এই ঘটনা সংঘটিত কৰা শিক্ষক জনক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলাইছে বিদ্যালয় কৰ্তৃপক্ষই ৷ এই ঘটনা সংঘটিত কৰা বিদ্যালয় খনৰ শিক্ষক তাইজুদ্দিন চৌধুৰীৰ বিৰুদ্ধে অভিযোগৰ আঙুলি উঠিছে যদিও প্ৰকৃত তদন্তৰ পিছতহে শাস্তি প্ৰদানৰ দাবী তুলিছে একাংশ পৰীক্ষাৰ্থীয়ে ৷

ABOUT THE AUTHOR

...view details