পশ্চিম বিলাসীপাৰা,1 ফেব্ৰুৱাৰীঃ বিলাসীপাৰা আৰু ৰাণীগঞ্জ আৰক্ষীয়ে দেওবাৰে নিশা বিলাসীপাৰাৰ দ্বিপৰকুটিত অভিযান চলাই চোৰাং শাল কাঠ ভৰ্তি স্ক’ৰপিঅ ( SCORPIO) বাহন সহ আটক কৰে দুই চোৰাং কাঠ ব্যৱসায়ীক ৷
বিলাসীপাৰাত আৰক্ষীৰ জালত চোৰাং কাঠ সহ দুই ব্যৱসায়ী - চোৰাং কাঠৰ ব্যৱসায়
বিলাসীপাৰাৰ দ্বিপৰকুটিত চোৰাং শাল কাঠ ভৰ্তি স্ক’ৰপিঅ ( SCORPIO) বাহন সহ আটক দুই চোৰাং কাঠ ব্যৱসায়ী ৷ দেওবাৰে নিশা আৰক্ষীয়ে এক গোপন সুত্ৰৰ পমখেদি খবৰ লাভ কৰি অভিযান চলাই AS-01X-5283 নম্বৰ স্ক’ৰপিঅ গাড়ী এখন জব্দ কৰে ৷
উল্লেখযোগ্য যে, বিলাসীপাৰাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে চোৰাং কাঠৰ ব্যৱসায় ৷ এই বাৰ চোৰাং কাঠ ব্যৱসায়ীয়ে লৈছে অভিনৱ কৌশল ৷ বিলাসী বাহেনে চলাইছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় ৷ তাৰ মাজতে দেওবাৰে নিশা আৰক্ষীয়ে এক গোপন সুত্ৰৰ পমখেদি খবৰ লাভ কৰি অভিযান চলাই AS-01X-5283 নম্বৰ এখন স্ক’ৰপিঅ গাড়ী জব্দ কৰে ৷ গাঢ়ি খন আৰক্ষীৰ চকুট ধুলি দি পলায়ন কৰিব খোজোতে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে ৷ তেনে সময়তে আৰক্ষীয়ে তৎপৰতাৰে বাহন খনত থকা দুই চোৰাং কাঠ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ৷
ইপিনে আটকাধীন চোৰাং কাঠ ব্যৱসায়ী দুটা হৈছে ছফিয়ৰ ৰহমান (৩৮) ( কোকৰাঝাৰ) আৰু মুছা সেখ (২৬) বৰুৱাঝাৰ বিলাসীপাৰাৰ নিৱাসী ৷ আনহাতে আৰক্ষীয়ে চোৰাং কাঠ খিনৰ আনুমানিক বজাৰ মূল্য প্ৰায় লক্ষাধিক টকা হ’ব বুলি সদৰি কৰে ৷