বিলাসীপাৰা, 1 অক্টোবৰ :অসম আৰক্ষী দিৱস উপলক্ষেবিলাসীপাৰাত অসম আৰক্ষীৰ পথচাৰীৰ মাজত মাস্ক বিতৰণ ৷ সমগ্ৰ ৰাজ্যজুৰি আজি আৰক্ষীসকলে বিভিন্ন কাৰ্যসূচীৰে আজিৰ এই বিশেষ দিনটো উদযাপন কৰে ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বিলাসীপাৰা মহকুমা পুলিচ প্ৰশাসনেও অনুষ্টুপীয়াকৈ এই বিশেষ দিন উদযাপনৰ ব্যৱস্থা কৰে ৷
বিলাসীপাৰাত অসম আৰক্ষী দিৱস উপলক্ষে পথচাৰীক মাক্স বিতৰণ - ক'ভিড-19 প্ৰট'কল
বিলাসীপাৰাত অসম আৰক্ষী দিৱস উপলক্ষে পথচাৰীৰ মাজত মাস্ক বিতৰণ ৷ বিলাসীপাৰা মহকুমা পুলিচ প্ৰশাসনৰ তৰফৰ পৰা এই বিশেষ পদক্ষেপ লোৱা হয় ৷ মহকুমাটোৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দুই হেজাৰ পথচাৰীক আৰক্ষীৰ বিনামূলীয়াকৈ মাস্ক বিতৰণ ৷
বিলাসীপাৰাত অসম আৰক্ষী দিৱস উপলক্ষে পথচাৰীক মাক্স বিতৰণ
অসম আৰক্ষী দিৱস উপলক্ষে বিলাসীপাৰা মহকুমা পুলিচ প্ৰশাসনৰ তৰফৰ পৰা বিশ্বত্ৰাস কৰ'ণা মহামাৰীৰ সজাগতাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হয় ৷ ইয়াৰে অংশ হিচাপে বিলাসীপাৰা বাসীক ক'ভিড-19 প্ৰট'কল মানি চলিবলৈ অনুৰোধ জনাই আৰক্ষী জোৱান সকলে পথচাৰীৰ মাজত মাস্ক বিতৰণ কৰে ৷ বৃহস্পতিবাৰৰ দিনটোত মহকুমাটোৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দুই হেজাৰ পথচাৰীক আৰক্ষীয়ে বিনামূলীয়া কৈ মাস্ক বিতৰণ কৰে।
লগতে পঢ়ক:আৰক্ষীৰ বাহনৰ খুন্দাত ৬ বছৰীয়া শিশুৰ মৃত্যু !