অসম

assam

ETV Bharat / state

Gang of Devils : বিলাসীপাৰা থানাৰ OC সঞ্জীৱ কুমাৰ দাসক বদলি - Bilasipara bikers accident

'গেং অব ডেভিলছ' কাণ্ডত বিলাসীপাৰা থানাৰ অ'চি সঞ্জীৱ কুমাৰ দাসক বদলি (Bilasipara OC transfared for gang of devils issue) । বিলাসীপাৰাৰ গেং অব ডেভিলছ গ্ৰুপৰ ম'ষ্ট ৱাণ্টেড আখিৰুল ইছলাম আৰু মিনহাজুল কৰিমৰ ক্ষেত্ৰত অৱহেলা কৰাৰ বাবে বদলি কৰা হয় বিলাসীপাৰাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ কুমাৰ দাসক ।

Gang of Devils
Gang of Devils

By

Published : Dec 14, 2022, 2:19 PM IST

বিলাসীপাৰা, ১৪ ডিচেম্বৰ :'গেং অব ডেভিলছ' কাণ্ডত বিলাসীপাৰা থানাৰ অ'চি সঞ্জীৱ কুমাৰ দাসক বদলি (Bilasipara OC transfared for gang of devils issue) । বিলাসীপাৰাৰ গেং অব ডেভিলছ গ্ৰুপৰ ম'ষ্ট ৱাণ্টেড আখিৰুল ইছলাম আৰু মিনহাজুল কৰিমৰ ক্ষেত্ৰত অৱহেলা কৰাৰ বাবে বদলি কৰা হয় বিলাসীপাৰাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ কুমাৰ দাসক ।

উল্লেখ্য, ৰাজ্য জোকাৰি যোৱা বিলাসীপাৰাৰ চাঞ্চল্যকৰ পথ দুৰ্ঘটনাৰ মূল খলনায়কক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ মঙলবাৰে নিশা ধুবুৰী আৰক্ষীয়ে অভিযান চলাই আটক কৰে 'গেং অব ডেভিলছ' (Gang of Devils) গ্ৰুপৰ মূল খলনায়কক । ভাৰত-বাংলাদেশ সীমান্তৰ আগমনিৰ হালাকুৰাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গেং অব ডেভিলছ গ্ৰুপৰ আখিৰুল ইছলাম, মিনহাজুলজু কৰিম আৰু চহিদুল ইছলামক ।

উল্লেখযোগ্য যে শনিবাৰে সন্ধিয়া বিলাসীপাৰাৰ সূৰ্যখাতাত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Bilasipara) ৷ উদণ্ড যুৱকৰ তীব্ৰবেগী বাইকৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল সূৰ্যখাতা প্ৰথম খণ্ড গাঁৱৰ ছকিনা বেওৱা (৭০) নামৰ এগৰাকী বৃদ্ধা ৷ পৰৱৰ্তী সময়ত বৃদ্ধাগৰাকীক

ততাতৈয়াকৈ বিলাসীপাৰাৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়তে মৃত্যুবৰণ কৰে বৃদ্ধাগৰাকীয়ে । ইফালে বৃদ্ধাগৰাকীৰ কৰুণ মৃত্যুত সমগ্ৰ সূৰ্যখাতা গাঁৱতে শোকাকুল পৰিৱেশে বিৰাজ কৰে । তেনে অৱস্থাতেই মানৱৰূপী দানৱৰ দলটোৱে নিজকে Gang of Devils বুলি সম্বোধন কৰি সামাজিক মাধ্যমত আপলোড কৰিছিল এটা চাঞ্চল্যকৰ ভিডিঅ' বাৰ্তা (Bilasipara bikers accident) ৷ সামাজিক মাধ্যমত প্ৰচাৰ কৰা ভিডিঅ’ বাৰ্তাটোত কোৱা হৈছিল, "এজনক মাৰি পেলাই দহ মিনিটৰ ভিতৰত থানাৰ পৰা ওলাই আহিলোঁ ৷ এয়া গেং অব ডেভিলৰ পাৱাৰ । এতিয়া আমি পাৰ্টী কৰি আছোঁ ।"

আনহাতে, আৰক্ষীক প্ৰত্যাহ্বান জনাই সামাজিক মাধ্যমত ভিডিঅ' ভাইৰেল কৰাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ । ইয়াৰ পিছতে বিলাসীপাৰা আৰক্ষীৰ ভূমিকাক লৈও উত্থাপন হৈছিল একাধিক প্ৰশ্ন । ইফালে পৰিস্থিতিৰ বুজ ল’বলৈ মঙলবাৰে বিয়লি বিলাসীপাৰাত উপস্থিত হয় IGP দিলীপ কুমাৰ দে ৷

গেং অব ডেভিলছ গ্ৰুপৰ প্ৰত্যেকজন সদস্যকে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিয়াৰ আশ্বাস দিয়ে । সেই প্ৰতিশ্ৰুতি মতেই অৱশেষত মঙলবাৰে নিশা গ্ৰেপ্তাৰ কৰা হয় গেং অব ডেভিলছ গ্ৰুপৰ মূল কাণ্ডাৰী আখিৰুল ইছলাম, মিনহাজুল কৰিম আৰু চহিদুল ইছলামক ।

লগতে পঢ়ক :Gang of devils group arrested: গ্ৰেপ্তাৰ হ’ল গেং অৱ ডেভিল গ্ৰুপৰ মূল খলনায়ক

For All Latest Updates

ABOUT THE AUTHOR

...view details