অসম

assam

ETV Bharat / state

ধুবুৰীত কেইবাখনো অভিলাষী আঁচনিৰ আধাৰশিলাৰ উন্মোচন - ধুবুৰীত কেইবাখনো অভিলাষী আঁচনিৰ আধাৰশিলাৰ উন্মোচন মন্ত্ৰী পীযুষ হাজৰিকাৰ

AIUDF প্ৰধান তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য আগবঢ়ায় মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে,বসন্ত ঋতুত কুলি চৰাইৰ আগমন হোৱাৰ দৰে নিৰ্বাচন আহিলে তেওঁ ভোটাৰৰ কাষ চাপে ৷ ইপিনে বিভিন্ন ছলনাৰে ভোট আদায় কৰি মুম্বাই নতুবা আৰব দেশত গৈ নিজৰ ব্যৱসায় চলায় আজমলে ৷

ধুবুৰীত কেইবাখনো অভিলাষী আঁচনিৰ আধাৰশিলাৰ উন্মোচন মন্ত্ৰী পীযুষ হাজৰিকাৰ
ধুবুৰীত কেইবাখনো অভিলাষী আঁচনিৰ আধাৰশিলাৰ উন্মোচন মন্ত্ৰী পীযুষ হাজৰিকাৰ

By

Published : Jan 19, 2021, 10:43 AM IST

বিলাসীপাৰা,19 জানুৱাৰীঃসোমবাৰেবিলাসীপাৰাত বিয়লি উপস্থিত হয় অসম চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰী পীয়ুষ হাজৰিকা ৷ বিলাসীপাৰাত কেইবাখনো অভিলাষী আঁচনিৰ শুভ উদ্বোধন কৰি মন্ত্ৰী গৰাকীয়ে অংশ গ্ৰহণ কৰে এখন ৰাজহুৱা সভাত ৷ সভাত AIUDF প্ৰধান তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য আগবঢ়ায় মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে,বসন্ত ঋতুত কুলি চৰাইৰ আগমন হোৱাৰ দৰে নিৰ্বাচন আহিলে তেওঁ ভোটাৰৰ কাষ চাপে ৷ ইপিনে বিভিন্ন ছলনাৰে ভোট আদায় কৰি মুম্বাই নতুবা আৰব দেশত গৈ নিজৰ ব্যৱসায় চলায় আজমলে ৷

ধুবুৰীত কেইবাখনো অভিলাষী আঁচনিৰ আধাৰশিলাৰ উন্মোচন মন্ত্ৰী পীযুষ হাজৰিকাৰ

একেদৰে নতুন কৈ গঠন হোৱা ৰাজনৈতিক দল কেইটাক সমালোচনা কৰি মন্ত্ৰী পিযুষ হাজৰিকাই কয়, নতুন আঞ্চলিক দল দুটা AJP আৰু ৰাইজৰ দলে এ আই ইউ ডিএ ফৰ মিত্ৰতা লৈ খিচিৰি দল আখ্যা দিয়ে মন্ত্ৰীগৰকীয়ে ৷ উল্লেখযোগ্য যে,বিলাসীপাৰাত কেইবাটাও উন্নয়নমূলক আঁচনিৰ শুভ উদ্বোধন কৰাৰ লগতে ৪০ লাখ লোকক উপকৃত হ’ব পৰাকৈ UWS আৰু SB অধীনত বিশুদ্ধ খোৱা পানীৰ যোগান আঁচনিৰ শুভ উদ্বোধন কৰে মন্ত্ৰী গৰাকীয়ে ৷ উক্ত সভাত মন্ত্ৰী গৰাকীৰ লগতে সভাত উপস্থিত থাকে বিধায়ক ডাঃ নোমল মমিন,বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহীকে ধৰি অসম চৰকাৰৰ কেইবাগৰাকী উচ্চ পৰ্যায়ৰ বিষয়া ক্ৰমে শুভাশীষ দাস, নীৰেন বৈশ্য উপস্থিত থাকে ৷

লগতে পঢ়কঃ জম্মুত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰসহ দুই সন্ত্ৰাসবাদী আৰক্ষীৰ জালত

ABOUT THE AUTHOR

...view details