অসম

assam

ETV Bharat / state

ঐতিহ্যমণ্ডিত শক্তিপীঠ মা মহামায়া মন্দিৰত চুৰিকাণ্ড - Ma Mahamaya Mondir

মন্দিৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকাৰ পিছতো চোৰে কিদৰে লুটপাত চলালে ইয়াকলৈ ভক্তপ্ৰাণ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

Bilasipara.Ma Mahamaya Mondir Thief case
ঐতিহ্যমণ্ডিত শক্তিপীঠ মা মহামায়া মন্দিৰত চুৰিকাণ্ড

By

Published : Mar 30, 2021, 9:55 PM IST

বিলাসীপাৰা, 30 মাৰ্চ :বিলাসীপাৰা মহকুমাৰ সীমান্তৱৰ্তী তথা বৰ্তমানৰ বি টি আৰৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত শক্তিপীঠ বগৰীবাৰীৰ মা মহামায়া মন্দিৰৰ পৰা সোমবাৰে নিশা চোৰে লক্ষাধিক টকাৰ সামগ্ৰী চুৰি কৰি নিয়ে ৷ চোৰে মন্দিৰৰ আন আন সামগ্ৰীৰ লগতে গোঁসানীৰ আ-অলংকাৰো চুৰি কৰি নিয়ে ।

ঐতিহ্যমণ্ডিত শক্তিপীঠ মা মহামায়া মন্দিৰত চুৰিকাণ্ড

নিশা প্ৰৱল ধুমুহাৰ মাজতেই চোৰে মন্দিৰৰ খিৰিকীৰ গ্ৰীল ভাঙি ভিতৰত প্ৰৱেশ কৰে আৰু প্ৰায় ২০ লাখ টকাৰ মূল্যৰ আ অলংকাৰ লুটি নিয়ে । মন্দিৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকাৰ পিছতো চোৰে কিদৰে লুটপাত চলালে ইয়াকলৈ ভক্তপ্ৰাণ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই চুৰিকাণ্ডৰ পাছতেই ঘটনাস্থলীত পৰ্বতঝোৰা মহকুমা আৰক্ষী লগতে বগৰীবাৰী আৰক্ষী উপস্থিত হৈ স্নিফাৰ ডগ'ৰে তদন্ত‍ আৰম্ভ কৰে ।

লগতে পঢ়ক :চিদ্দিক আহমেদৰ নিৰ্বাচনী সভাত ধৰ্মীয় শ্লোগান

ABOUT THE AUTHOR

...view details