বিলাসীপাৰা,30 জানুৱাৰী: জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকীৰ দিনটোতে ৰাজ্যজুৰি কৃষকসকলৰ নায্য প্ৰপ্তিৰ দাবীত প্ৰতিবাদত বহিছে কেইবাটাও দল-সংগঠন ৷ দেশৰ কৃষকৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে জাপি দিয়া তিনিওখন কৃষি আইনৰ প্ৰতিবাদত বিলাসীপাৰতো অনশনত বহিল চাৰিটাকৈ দল সংগঠন ৷ শনিবাৰে এই আইনৰ প্ৰতিবাদত বিলাসীপাৰা সাহিত্য সভা ভৱনৰ সন্মুখত AIKS, CITU, DYFI আৰু AIDWA য়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷
বিলাসীপাৰাত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ দল-সংগঠনৰ - কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ
জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকীৰ দিনটোতে ৰাজ্যজুৰি কৃষকসকলৰ নায্য প্ৰপ্তিৰ দাবীত বিলাসীপাৰত প্ৰতিবাদত বহে AIKS, CITU, DYFI আৰু AIDWA য়ে ৷

বিলাসীপাৰাত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ
বিলাসীপাৰাত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ
চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷ পৰৱৰ্তী সময়তো কেন্দ্ৰীয় চৰকাৰে এই আইন তিনিখন বাতিলৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠন কেইটাই ৷
লগতে পঢ়ক-গো-মাফিয়া আদম আলীক ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ