অসম

assam

ETV Bharat / state

বিলাসীপাৰাত ৰেণ্ডম টেষ্টত ১১ গৰাকীৰ দেহত ধৰা পৰিল ক’ভিড-19 - পূজা হোটেল এণ্ড ৰেষ্টুৰেণ্টৰ 6 গৰাকী কৰ্মচাৰী

ধুবুৰী জিলাত দেওবাৰে প্ৰথম জন কৰ'ণা আক্ৰান্ত ৰোগীৰ মৃত্যু হোৱাৰ পিছতে দেওবাৰে বিলাসীপাৰাত ৰেণ্ডম টেষ্টত ১১ গৰাকী লোকৰ দেহত ক’ভিড-19 পজিটিভ ধৰা পৰিল ৷

bilasipara-dot-covid-19-positive-11-person-rapid-test
বিলাসীপাৰাত ৰেণ্ডম টেষ্টত ধৰা পৰিল ১১ গৰাকীৰ দেহত ক’ভিড-19 পজিটিভ

By

Published : Aug 2, 2020, 9:27 PM IST

পশ্চিম বিলাসীপাৰা, 2আগষ্টঃ সমগ্ৰ ৰাজ্যতে কৰ'ণা ভাইৰাছৰ সংক্ৰমন দ্ৰুত গতিত বৃদ্ধি পাই থকাৰ সময়ত দেওবাৰে বিলাসীপাৰাত ৰেপিড ৰেণ্ডম টেষ্টত 11 গৰাকী লোকৰ শৰীৰত ধৰা পৰিল ক’ভিড-19 পজিটিভ । বিলাসীপাৰাৰ ASTC বাছ আস্থানত দেওবাৰে স্বাস্থ্য বিভাগে কৰা ৰেণ্ডম টেষ্টত ১১ গৰাকীৰ শৰীৰত ধৰা পৰে কৰ’ণাৰ উপস্থিতি ৷

বিলাসীপাৰাত ৰেণ্ডম টেষ্টত ধৰা পৰিল ১১ গৰাকীৰ দেহত ক’ভিড-19 পজিটিভ

আক্ৰান্ত সকলৰ ভিতৰত চহৰ খনৰ মাজ মজিয়াত অৱস্থিত পূজা হোটেল এণ্ড ৰেষ্টুৰেণ্টৰ 6 গৰাকী কৰ্মচাৰীও আছে ৷ ইয়াৰ উপৰিও খাদ্য আৰু অসামৰিক যোগান বিভাগৰ এগৰাকী পৰিদৰ্শক আৰু তেওঁৰ পত্নী, এজন কাপোৰৰ দোকানৰ কৰ্মচাৰী, এজন ফুটপাতত চাহ বিক্ৰেতা আৰু এজন বহি: ৰাজ্যৰ পৰা অহা ব্যক্তিৰ দেহত ধৰা পৰে ক’ভিড-19 পজিটিভ ৷ সম্প্ৰতি কৰ’ণাত আক্ৰান্ত ৰোগী কেইগৰাকীক ১০৮ মৃত্যুঞ্জয় সেৱাৰে বিলাসীপাৰা মহকুমা অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ মহানগৰীৰ পাণ্ডুত ব্ৰহ্মপুত্ৰত পৰি নিৰুদ্দেশ হ'ল যুৱকঃ উদ্ধাৰ অভিযান অব্যাহত

ABOUT THE AUTHOR

...view details