অসম

assam

ETV Bharat / state

বিলাসীপাৰাত বিজেপিৰ সংবাদমেল - বিলাসীপাৰাত বিজেপিৰ সংবাদমেল

বিলাসীপাৰাত বিজেপিৰ সংবাদমেল ৷ বিলাসীপাৰাস্থিত বিজেপিৰ পূৱ ধুবুৰী জিলা সমিতিৰ কাৰ্যালয়ত আয়োজিত কৰা হয় এই সংবাদমেল৷ এই সংবাদমেলতে ৰাষ্ট্ৰীয় একতা অভিযান সম্পৰ্কত বিস্তৃতভাৱে আলোকপাত কৰে পূৱ বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে ৷

বিলাসীপাৰাত বিজেপিৰ সংবাদমেল

By

Published : Sep 18, 2019, 6:55 PM IST

বিলাসীপৰা, 18 ছেপ্টেম্বৰঃ বিলাসীপাৰাত বিজেপিৰ সংবাদমেল ৷ বিলাসীপাৰাস্থিত বিজেপিৰ পূৱ ধুবুৰী জিলা সমিতিৰ কাৰ্যালয়ত আয়োজিত কৰা হয় এই সংবাদমেল৷ এই সংবাদমেলতে পূৱ বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে ৰাষ্ট্ৰীয় একতা অভিযান সম্পৰ্কত বিস্তৃতভাৱে আলোকপাত কৰে ৷ মঙলবাৰে বিলাসীপাৰা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ’ব লগা জনজাগৰণ সভাৰ কথাও উক্ত সংবাদমেলত ঘোষণা কৰে বিধায়কগৰাকীয়ে৷ এই জনজাগৰণ সভাত কাশ্মীৰৰ বিশেষ মৰ্যদা পৰিহাৰৰ সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হ’ব৷

বিলাসীপাৰাত বিজেপিৰ সংবাদমেল
উল্লেখ্য যে, ধুবুৰী লোকসভা সমষ্টি ভিত্তিত আয়োজিত জনজাগৰণ সভাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী বিজেপিৰ ৰাজ্যিক উপ সভাপতি বিশ্বৰূপ ভট্টাচাৰ্য, বিমল ওছৱাল গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ উপস্থিত থকাৰ কথাও সদৰী কৰে৷ উক্ত সংবাদমেলত বিধায়কগৰাকীৰ লগতে উপস্থিত থাকে জিলা সভাপতি সুধীৰ চন্দ্ৰ ৰায়, সাধাৰণ সম্পাদক বাদল লাহিড়ী, জিলা যুৱ মৰ্চাৰ উপ সভাপতি অচ্যিন্ত ঘোষ প্ৰমুখ্যে কেইবাগৰাকী নেতা৷

ABOUT THE AUTHOR

...view details