অসম

assam

ETV Bharat / state

বিলাসীপাৰাৰ নয়াহাটত সদৌ অসম ভিত্তিত পুৰুষৰ বেডমিন্টন প্ৰতিযোগিতা - সদৌ অসম ভিত্তিত পুৰুষৰ বেডমিন্টন প্ৰতিযোগিতাত 33 টা দলৰ অংশগ্ৰহণ

সচেতন যুৱ মঞ্চৰ উদ্যোগত সদৌ অসম ভিত্তিত পুৰুষৰ বেডমিন্টন প্ৰতিযোগিতা ৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ 33 টা দলৰ অংশগ্ৰহণ ৷

বিলাসীপাৰাৰ নয়াহাটত সদৌ অসম ভিত্তিত পুৰুষৰ বেডমিন্টন প্ৰতিযোগিতা
বিলাসীপাৰাৰ নয়াহাটত সদৌ অসম ভিত্তিত পুৰুষৰ বেডমিন্টন প্ৰতিযোগিতা

By

Published : Jan 31, 2020, 3:59 PM IST

বিলাসীপাৰা, 31 জানুৱাৰীঃ বিলাসীপাৰাৰ নয়াহাটত অনুষ্ঠিত কৰা হৈছে সদৌ অসম ভিত্তিত পুৰুষৰ বেডমিন্টন প্ৰতিযোগিতা ৷ সচেতন যুৱ মঞ্চৰ উদ্যোগত আয়োজিত কৰা এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অংশ গ্ৰহণ কৰে মুঠ 33 টা দলে ৷

বুধবাৰৰ সন্ধিয়াৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাৰ শুকুৰবাৰে পুৱা 4 বজাত চূড়ান্ত খেল অনুষ্ঠিত হয় ৷ গুৱাহাটী আৰু বঙাইগাঁৱৰ মাজত অনুষ্ঠিত হয় চূড়ান্ত খেলখন ৷ খেলত বঙাইগাঁৱৰ অসীম ৰায়, বিজয় ব্ৰহ্মই চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে আনহাতে বিজিত হয় গুৱাহাটীৰ পংখৰাজ দেউৰী আৰু দ্বীপজ্যোতি দত্ত ৷ তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় ধেমাজিৰ দেৱ বৰদলৈ আৰু হীৰা ৰাভাই ৷

সদৌ অসম ভিত্তিত পুৰুষৰ বেডমিন্টন প্ৰতিযোগিতা

চূড়ান্ত বিজয়ী আৰু বিজিত দলক নগদ ধন সহ ট্ৰফী প্ৰদান কৰে অভয়াপুৰীৰ প্ৰাক্তন বেডমিন্টন খেলুৱৈ পিনাকী বায়ন, গোলাম ৰাব্বানী, মেহেবুব হাছান আৰু এইচ এম নুৰুজ্জামানে ৷ বিলাসীপাৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মনোজ ফুকনে উদ্বোধন কৰা প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে ‘কা’ বিৰোধী আন্দোলনত শ্বহীদ হোৱা পাঁচ যুৱকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সচেতন যুৱ মঞ্চই ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details