বিলাসীপাৰাত মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ নিৰ্বাচনী কাৰ্যালয় মুকলি - জাবেদ ইছলাম
বৃহস্পতিবাৰে ধুবুৰী লোকসভা সমষ্টিৰ বিজেপি, বিপিএফ আৰু অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামে চাপৰত এক নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে ৷ এই অনুষ্ঠানত তেওঁক সংগ দিয়ে পূৱ বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহী আৰু তিনিওটা ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকলে ।

বিলাসীপাৰা,11এপ্ৰিল: বৃহস্পতিবাৰে ধুবুৰী লোকসভা সমষ্টিৰ চাপৰত বিজেপি, বিপিএফ আৰু অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামে মুকলি কৰে নিৰ্বাচনী কাৰ্যালয় ৷ এই নিৰ্বাচনী কাৰ্যালয় মুকলি অনুষ্ঠানতে প্ৰাৰ্থীগৰাকীয়ে ধুবুৰীৰ সাংসদ তথা এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলক ক্ষুৰধাৰ সমালোচনা কৰে ৷ বিলাসীপাৰা পূৱ কেন্দ্ৰত বিজেপি চৰকাৰ আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'ব বুলি মন্তব্য কৰে প্ৰাৰ্থীগৰাকীয়ে । ইপিনে বদৰুদ্দিন আজমলে প্ৰতি পাঁচ বছৰৰ মূৰত জৰা-ফুকা ৰাজনীতিৰে ভোট লৈ ৰাইজক প্ৰত্যেকবাৰেই প্ৰতাৰণা কৰি আহিছে বুলি অগপৰ প্ৰাৰ্থী গৰাকীয়ে এক বিতৰ্কিত মন্তব্য আগবঢ়ায় । উল্লেখ্য যে এই সভাত প্ৰাৰ্থীগৰাকীৰ উপৰিও পূৱ বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহী আৰু তিনিওটা ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকল উপস্থিত থাকে ।