অসম

assam

By

Published : Dec 14, 2020, 6:26 PM IST

ETV Bharat / state

শোকাৱহ পথ দুৰ্ঘটনাত নিহত ট্ৰেক্টৰ চালক

বিলাসীপাৰাত শোকাৱহ পথ দুৰ্ঘটনাত নিহত হয় এজন ট্ৰেক্টৰ চালক ৷ আনহাতে আহত হয় ট্ৰেক্টৰখনত থকা আন এজন লোক ৷ মাটি কঢ়িয়াই থকা সময়ত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে ট্ৰেক্টৰখন ৷

bilashipara-road-accident
বিলাসীপাৰাত শোকাৱহ পথ দুৰ্ঘটনাঃ নিহত 1, আহত 1

পশ্চিম বিলাসীপাৰা, 14 ডিচেম্বৰ : বিলাসীপাৰা নিউ বেলতলীৰ গড়কাপ্তানি পথত সোমবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ ট্ৰেক্টৰেৰে মাটি কঢ়িয়াই থকাৰ সময়ত সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোৰ ফলত মৃত্যু বৰণ কৰে ট্ৰেক্টৰখনৰ চালক ওমৰ ফাৰুক ছিদ্দিকে ৷ আনহাতে উক্ত ঘটনাৰ ফলত আহত হয় আন এজন যুৱক ৷ আহত যুৱকজনৰ নাম জয়নুল হক বুলি জানিব পৰা গৈছে ।

বিলাসীপাৰাত শোকাৱহ পথ দুৰ্ঘটনাঃ নিহত 1, আহত 1
দুৰ্ঘটনাগ্ৰস্ত ট্ৰেক্টৰখনৰ নম্বৰ AS-17 C 1237 । মাটি লৈ যোৱা অৱস্থাত ট্ৰেক্টৰখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। দুৰ্ঘটনাৰ পিছত স্থানীয় ৰাইজে যুৱক দুজনক উদ্ধাৰ কৰি বিলাসীপাৰা চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে ওমৰ ফাৰুক ছিদ্দিক নামৰ যুৱকজনক মৃত বুলি ঘোষণা কৰে ৷ ইফালে গুৰুতৰভাৱে আহত যুৱক জনক উন্নত মানৰ চিকিৎসালয়ত ভাৱে কোকৰাঝাৰলৈ প্ৰেৰণ কৰা হয় ৷

ABOUT THE AUTHOR

...view details