পশ্চিম বিলাসীপাৰা, 11জুলাইঃবিলাসীপাৰাৰ কছলতটাৰীত শনিবাৰে সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ হেল নৈৰ সুঁতিৰ কোবাল সোঁতত সন্ধানহীন এজন যুৱক ৷ সন্ধানহীন যুৱকজন কছলতটাৰী গাঁৱৰ গোলাপ উদ্দিন আলী (২৫) বুলি জানিব পৰা গৈছে ৷ ইপিনে নিজ ভাতৃৰ সৈতে কৃষি পথাৰত কাম কৰিবলৈ যাওতে উক্ত ঘটনাতো সংঘটিত হয় ৷ নৈৰ সুঁতিখনৰ কাষেৰে কৃষি পথাৰলৈ গৈ থকা অৱস্থাত সুঁতিটোৰ গৰা খহি প্ৰৱল সোঁতত উটি যায় ভাতৃদ্বয় ৷
বিলাসীপাৰাত নৈৰ সুঁতিত সন্ধানহীন যুৱক - গোলাপ উদ্দিন আলী
গোলাপ উদ্দিন আলীয়ে নৈৰ সুঁতিখনৰ কাষেৰে কৃষি পথাৰলৈ গৈ থকা অৱস্থাত সুঁতিখন গৰা খহী প্ৰৱল সোঁতত উটি যায় ভাতৃদ্বয় ৷
![বিলাসীপাৰাত নৈৰ সুঁতিত সন্ধানহীন যুৱক bilashipara-river-missing-a-man-gulapuddin-ali](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7983760-1028-7983760-1594468311229.jpg)
বিলাসীপাৰাত নৈৰ সুঁতিত সন্ধানহীন যুৱক
বিলাসীপাৰাত নৈৰ সুঁতিত সন্ধানহীন যুৱক
ইপিনে ঘটনাতো সংঘটিত হোৱাৰ পিছতেই স্থানীয় ৰাইজে অভিযান চলাই জীৱন্তে উদ্ধাৰ কৰে গোলাপ উদ্দিনৰ ডাঙৰ ভাতৃ ছপিজুল আলী কিন্তু সুঁতিৰ প্ৰৱল সোঁতত সন্ধানহীন হৈ পৰে গোলাপ উদ্দিন ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় ৰাণীগঞ্জ আৰক্ষীৰ লগতে SDRF বাহিনীৰ দল ৷ সম্প্ৰতি উদ্ধাৰকাৰী দলটোৱে সুঁতি খনত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃ COVID-19: বদৰুদ্দিন "নিগেটিভ",চিৰাজুদ্দিন "পজিটিভ"