অসম

assam

ETV Bharat / state

বিলাসীপাৰাৰ ৰাশিদা খাতুনক প্ৰয়োজন আপোনাৰ সহায়ৰ - মধুমেহ ৰোগ

যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ ক্ষণ গণিছে পিতৃয়ে ৷ একে সময়তে কন্যা আক্ৰান্ত হৈছে মধুমেহ ৰোগত ৷ বিলাসীপাৰাৰ এই পৰিয়ালটোক প্ৰয়োজন আপোনাৰ সহায়ৰ ৷

Bilashipara Rashida Khatun

By

Published : Sep 16, 2019, 8:24 AM IST

বিলাসীপাৰা,16 চেপ্তেম্বৰঃ বিলাসীপাৰাৰ চিৰাকুটা 2য় খণ্ড গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ ৰাশিদা খাতুন নামৰ ছাত্ৰী গৰাকীয়ে বিগত দুই বছৰ ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ আছে ৷ একে সময়তে পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী তথা ছাত্ৰী গৰাকীৰ পিতৃ আমজাদ আলীও সম্প্ৰতি যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ ক্ষণ গণিব লগা হৈছে ৷ এনে পৰিস্থিতিত পিতৃ কন্যা দুয়োৰে চিকিৎসাৰ ব্যয়ত সৰ্বস্বান্ত হৈ পৰিছে পৰিয়ালটো ৷ সেয়ে দৰিদ্ৰ পৰিয়ালটোৱে তেওঁলোকৰ উন্নত চিকিৎসাৰ বাবে দল সংগঠন তথা সাধাৰণ ৰাইজক সহায় কৰিবলৈ অনুৰোধ জনাইছে ৷ কোনো সদাশয় ব্যক্তিয়ে আৰ্থিক সাহাৰ্য প্ৰদান কৰিব বিচাৰিলে United Bank of Indiaৰ হাকামা শাখাৰ একাউন্ট নম্বৰ 1086010223546-IFSC Code UTBIOHAKG66ত অথবা 9954934006 নম্বৰত যোগাযোগ কৰিব পাৰিব ৷

বিলাসীপাৰাৰ ৰাশিদা খাতুনক প্ৰয়োজন আপোনাৰ সহায়ৰ

ABOUT THE AUTHOR

...view details