অসম

assam

ETV Bharat / state

বিলাসীপাৰাত চৰকাৰী বিদ্যালয়ৰ ফোপোলা স্বৰূপ - চৰকাৰী বিদ্যালয়

জুপুৰী সদৃশ গৃহটোত নাই শিক্ষাদানৰ পৰিৱেশ | পাঁচটাকৈ শ্ৰেণীৰ ১৪২ গৰাকী ছাত্ৰ ছাত্ৰীক শিক্ষক শিক্ষয়িত্ৰী সকলে অতি কষ্টৰ মাজেৰে নিতৌ চলাই আহিছে পাঠদানৰ কাৰ্য্য । ভয় শংকাৰ মাজেৰে ছাত্ৰ ছাত্ৰী সকলে গ্ৰহণ কৰিছে জীৱনৰ আদিপাঠ । শিক্ষা খণ্ডত আমূল পৰিৱৰ্তন হোৱা বুলি জাহিৰ কৰা অসম চৰকাৰ তথা বিভাগীয় মন্ত্ৰী গৰাকীৰ দৃষ্টি গোচৰ হ’ব নে? সেই লৈ এক ডাঙৰ প্ৰশ্ন স্থানীয় ৰাইজৰ ।

বিলাসীপাৰাত চৰকাৰী বিদ্যালয়ৰ ফোপোলা স্বৰুপ

By

Published : Jun 7, 2019, 10:35 AM IST

ধুবুৰী, ৭ জুনঃ বিলাসীপাৰা মহকুমাৰ চাপৰ - শালকোচা শিক্ষা খণ্ডৰ অন্তৰ্গত সন্তোষপুৰ বাপুজী প্ৰাথমিক বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থা । ভঙা চাল ,নাই বেৰ তাতেই কণ কণ ছাত্ৰ ছাত্ৰীয়ে জীৱনৰ আদিপাঠ গ্ৰহণ কৰিব লগীয়া হৈছে ।

২০১৩ চনতে প্ৰাদেশীকৰণ হোৱা সন্তোষপুৰ বাপুজী প্ৰাথমিক বিদ্যালয়ৰ চাল বেৰ নথকা জৰাজীৰ্ণ জুপুৰী সদৃশ গৃহ দুটা মাত্ৰ নামতহে ঘৰ আছে যদিও নাই ছাত্ৰ ছাত্ৰীৰ বাবে পৰ্যাপ্ত আসন | ইয়াৰ পিছতো চকু মুদা কুলিৰ ভাও জুৰি আহিছে ৰাজ্যৰ বিয়াগোম শিক্ষা বিভাগ আৰু বিভাগীয় মন্ত্ৰী গৰাকীয়ে | জুপুৰী সদৃশ গৃহটোত নাই শিক্ষাদানৰ পৰিৱেশ | পাঁচটাকৈ শ্ৰেণীৰ ১৪২ গৰাকী ছাত্ৰ ছাত্ৰীক শিক্ষক শিক্ষয়িত্ৰী সকলে অতি কষ্টৰ মাজেৰে নিতৌ চলাই আহিছে পাঠদানৰ কাৰ্য । ভয় শংকাৰ মাজেৰে ছাত্ৰ ছাত্ৰী সকলে গ্ৰহণ কৰিছে জীৱনৰ আদিপাঠ | কিন্তু ইয়াৰ মাজতেও বিদ্যালয় খনে অসম চৰকাৰে অনুষ্ঠিত কৰা প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত আকৰ্ষণীয় ফলাফল দেখুৱাবলৈ সক্ষম হৈছে । ইয়াৰ পিছতো ৰাজ্যৰ শিক্ষা খণ্ডত আমূল পৰিৱৰ্তন হোৱা বুলি জাহিৰ কৰা অসম চৰকাৰ তথা বিভাগীয় মন্ত্ৰী গৰাকীৰ দৃষ্টি গোচৰ হ’ব নে ? নে এনেকৈয়ে বছৰৰ পিছত বছৰ জৰাজীৰ্ণ বিদ্যালয় গৃহতেই শিক্ষা গ্ৰহণ কৰিব লাগিব কণ-কণ ছাত্ৰ-ছাত্ৰী সকলে ।

বিলাসীপাৰাত চৰকাৰী বিদ্যালয়ৰ ফোপোলা স্বৰুপ

লগতে আন এটা বাতৰি- ৪ বছৰেও অসম্পূৰ্ণ ছয়গাঁৱৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ নতুন কাৰ্যালয়

ABOUT THE AUTHOR

...view details