অসম

assam

ETV Bharat / state

বিলাসীপাৰাৰ হেলাগাড়ী গাঁৱত চাঞ্চল্যকৰ ডকাইতি কাণ্ড

বিলাসীপাৰাৰ হেলাগাড়ী গাঁৱত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ নিশা ঘৰৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি ৮/১০ জনীয়া এটা ডকাইতৰ দলে সংঘটিত কৰে এই ডকাইতি কাণ্ড ৷

By

Published : Dec 4, 2020, 4:33 PM IST

bilashipara-loot
বিলাসীপাৰাৰ হেলাগাড়ী গাঁৱত চাঞ্চল্যকৰ ডকাইতি কাণ্ড

পশ্চিম বিলাসীপাৰা, 4 নৱেম্বৰ :বিলাসীপাৰাৰ হেলাগাড়ী গাঁৱত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ নিশা ঘৰৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি ৮/১০ জনীয়া এটা ডকাইতৰ দলে সংঘটিত কৰে এই ডকাইতি কাণ্ড ৷ গাঁৱখনৰ বুদ্ধদেৱ নাথৰ বাসগৃহত নিশা সংঘটিত হৈছে এই চাঞ্চল্যকৰ ডকাইতি কাণ্ডটো ৷ চোকা অস্ত্ৰ দেখুৱাই ডকাইতৰ দলটোৱে নগত ত্ৰিশ হাজাৰ টকা, আঢ়ৈ তোলা সোণ, ১১ তোলা ৰূপৰ আ-অলংকাৰ সহ LED টি ভি এটা আৰু মোবাইল ফোন এটা লুট কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷

বিলাসীপাৰাৰ হেলাগাড়ী গাঁৱত চাঞ্চল্যকৰ ডকাইতি কাণ্ড

উক্ত ঘটনা সংঘটিত হোৱাৰ পাছতে গাঁৱখনত চেপা উত্তেজনাই বিৰাজ কৰে ৷ ইতিমধ্যে বুদ্ধদেৱ নাথৰ বাসগৃহত ৰানীগঞ্জ আৰক্ষীৰ দল উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে ঘটনা সন্দৰ্ভত কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই ৷

লগতে পঢ়ক: হাগ্ৰামা-হিমন্তৰ মাজৰ বাকযুদ্ধক নাটক আখ্যা এ‌আইইউডিএফ নেতৃত্বৰ

ABOUT THE AUTHOR

...view details