অসম

assam

ETV Bharat / state

তিনি সন্তানৰ মাতৃক ধৰ্ষণৰ অপচেষ্টা জনপ্ৰতিনিধিৰ

গণৰোষৰ বলি হোৱা পঞ্চায়তৰ সভাপতিগৰাকীৰ অৱস্থা সম্প্ৰতি সংকটজনক বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ ইতিমধ্যে তেখেতক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

bilashipara gp-president-scam
তিনি সন্তানৰ মাতৃক ধৰ্ষণৰ অপচেষ্টা জনপ্ৰতিনিধিৰ

By

Published : Jan 15, 2020, 11:53 PM IST

বিলাসীপাৰা,15 জানুাৱৰীঃ বিহুৰ উলহ মালহৰ মাজতে বিলাসীপাৰাত সংঘটিত হৈছে এক উদ্বেগজনক ঘটনা ৷ ডুবাচুৰী গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে উত্থাপন হৈছে ধৰ্ষণৰ অভিযোগ ৷ উল্লেখ্য যে, পঞ্চায়তখনৰে অধীনস্থ পশুৱাৰখাল 2য় খণ্ড গাঁৱৰ এগৰাকী মহিলাৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ সভাপতি আমিনুল হকৰ বিৰুদ্ধে ৷ সেই সময়তেই মহিলাগৰাকীৰ স্বামী ঘৰত উপস্থিত হৈ অভিযুক্ত আমিনুল হকক উত্তম মাধ্যম সোধাই আৰক্ষীক গটাই দিয়ে ৷ গণৰোষৰ বলি হোৱা পঞ্চায়তৰ সভাপতিগৰাকীৰ অৱস্থা সম্প্ৰতি সংকটজনক বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ ইতিমধ্যে তেখেতক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

তিনি সন্তানৰ মাতৃক ধৰ্ষণৰ অপচেষ্টা জনপ্ৰতিনিধিৰ

ABOUT THE AUTHOR

...view details