বিলাসীপাৰা,15অক্টোবৰ : ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল চোৰাং কৈ বিক্ৰী কৰাৰ সন্দেহত মহামায়া সমবায় সমিতি খন ছীল কৰিলে পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়াই ৷ সমবায় খনৰ সচিব ছিৰাজুদ্দিন শ্বেখ আৰু সভাপতিৰ আমজাদ আলীৰ বিৰুদ্ধে PDS ৰ বিনামূলীয়া চাউল চোৰাং কৈ বিক্ৰী অভিযোগ ৷
বিলাসীপাৰাৰ মহামায়াত চলিছে বগা চাউলৰ ক'লা ব্যৱসায় - ছীল কৰি দিয়া হয় মহামায়া সমবায় সমিতি
বিলাসীপাৰাৰ মহামায়াত বগা চাউল ক'লা বজাৰত বিক্ৰী ৷ এই অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে ছীল কৰি দিয়া হয় মহামায়া সমবায় সমিতি ৷ দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে কৰিলে ছীল কৰি দিয়ে সমবায় সমিতি খন ৷

বিলাসীপাৰাৰ মহামায়াত বগা চাউল ক'লা বজাৰত বিক্ৰী
বিলাসীপাৰাৰ মহামায়াত বগা চাউল ক'লা বজাৰত বিক্ৰী
উল্লেখযোগ্য যে, যোৱা ১২ অক্টোবৰৰ নিশা টিপকাই নদী পথেৰে যন্ত্ৰ চালিত নাৱৰে নি থকা অৱস্থাত ৮০ বস্তা চৰকাৰী বিনামূলীয়া চাউল সহ এজনক বগৰীবাৰী আৰক্ষীয়ে আটক কৰিছিল ৷ আৰক্ষীৰ তদন্তত আজি সমবায় সমিতি খনৰ গুদাম ঘৰৰ লগতে কাৰ্যালয় ছীল কৰি দিয়ে আৰক্ষীয়ে ৷ লগতে তদন্তৰ বাবে সমবায় খনৰ যাৱতীয় নথি-পত্ৰ ছীল কৰি নিয়ে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিদৰ্শকে ৷ সমবায় খনৰ সচিব আৰু সভাপতি দুজনৰ এনে কাৰ্যই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷