বিলাসীপাৰা,৭জুন : প্ৰেমেই কাল হ'ল এগৰাকী ১৬বছৰীয়া কিশোৰীৰ । শুকুৰবাৰে বিলাসীপাৰাৰ বগৰিবাৰীত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড । প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে প্ৰেমিকাক বিষ খুৱাই কেৰাচিন ঢালি জ্বলাই দিলে পাষণ্ড প্ৰেমিকে ।
১৬বছৰীয়া প্ৰেমিকাক জ্বলাই দিলে পাষণ্ড প্ৰেমিকে
বিলাসীপাৰাৰ বগৰীবাৰী থানাৰ অন্তৰ্গত ৰঙামাটি তৃতীয়খণ্ড(হিলছ)ৰ শ্বহিদুল ইছলামে বিষ খুৱাই কেৰাচিন ঢালি জ্বলাই দিলে ১৬বছৰীয়া প্ৰেমিকাক, প্ৰেমিকাক জ্বলাই উধাও হয় প্ৰেমিকৰ লগতে প্ৰেমিকৰ পৰিয়াল
ঘটনা বিৱৰণী মতে, বগৰীবাৰী থানাৰ অন্তৰ্গত ৰঙামাটি তৃতীয়খণ্ড(হিলছ)ৰ বাসিন্দা ছোৰহাব আলীৰ পুত্ৰ শ্বহিদুল ইছলামৰ প্ৰেমৰ সম্পৰ্ক স্থাপন হৈছিল একেখন গাঁৱৰে এজনী ১৬ বছৰীয়া এগৰাকী কিশোৰীৰ সৈতে । প্ৰেমিক শ্বহিদুলে কিশোৰগৰাকীৰ ঘৰলৈ প্ৰায়ে অহা-যোৱাও কৰিছিল । চিঠি-পত্ৰও আদান প্ৰদান হৈ আছিল দুয়োৰে মাজত । কিন্তু পৱিত্ৰ ঈদৰ দিনা দুয়োৰে মাজত হৈছিল বিতৰ্ক । বিতৰ্কৰ পাছত পাষণ্ড প্ৰেমিকে ৰচনা কৰিলে এক ষড়যন্ত্ৰৰ । কিশোৰগৰাকীৰ পৰিয়াল টোপনিত লাল-কাল হৈ থকাৰ সময়তে শ্বহিদুলে কিশোৰগৰাকীক জংঘললৈ লৈ গৈ বিষ খুৱাই কেৰাচিন ঢালি দিয়ে । জংঘলত দাউ-দাউকৈ জ্বলি উঠা জুইৰ উমান পাই পৰিয়ালৰ লোকে চিঞৰ-বাখৰ কৰাত ওচৰ চুবুৰীয়াই আহি প্ৰত্যক্ষ কৰে জ্বলি ছাই হৈ যোৱা কিশোৰীগৰাকীৰ মৃতদেহ । ইফালে এই ঘটনা সন্দৰ্ভত স্থানীয় গাঁওবুঢ়াই বগৰীবাৰী আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে প্ৰেমিকহালৰ কেইবাখনো চিঠি কিশোৰীগৰাকীৰ কিতাপৰ পৰা উদ্ধাৰ কৰে৷ ইপিনে পাষণ্ড প্ৰেমিকৰ লগতে পৰিয়ালৰ লোকেও ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা পলায়ন কৰে ঘৰৰ পৰা । ইতিমধ্যেই আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।