অসম

assam

ETV Bharat / state

বিলাসীপাৰাত বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ - লক্ষীগঞ্জ খণ্ড বন বিভাগে

ধুবুৰীত বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ কাঠ ৷ শনিবাৰৰ নিশা বিভিন্ন স্থানত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় কাঠফলা মেচিনৰ লগতে অবৈধ কাঠ ৷

Bilashipara Forest Department Rescue Illegal Timber
বিলাসীপাৰাত বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

By

Published : Oct 18, 2020, 8:08 AM IST

বিলাসীপাৰা, 18 অক্টোবৰ :বিলাসীপাৰাত পুনৰ সক্ৰিয় চোৰাং কাঠ ব্যৱসায়ী ৷ নিশাৰ আন্ধাৰত বনজ সম্পদ ধ্বংস কৰি একাংশ দুষ্ট চক্ৰই ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে ৷ তেনে দুষ্ট চক্ৰৰ বিৰুদ্ধে শনিবাৰে নিশা খোৰাঘাট বন কাৰ্যালয়ৰ বিষয়া কৰ্মীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা ৷

বন বিষয়াৰ মন্তব্য

তথ্য অনুসৰি, বন বিষয়া উত্তমানন্দ গোস্বামীৰ নেতৃত্বত যোৱা এটা দলে শনিবাৰে নিশা খুটাবাগৰা অঞ্চলত অবৈধভাৱে চলি থকা এটা কাঠ ফলা কল আৰু বৃহৎ পৰিমাণৰ শাল কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে, দুখন চোৰাং কাঠৰ কুণ্ডা ভৰ্তি ঠেলাও জব্দ কৰে বন বিভাগে ৷ বন বিভাগে জনোৱা অনুসৰি, জব্দ কৃত কাঠখিনিৰ আনুমানিক বজাৰ মূল্য ডেৰ লক্ষাধিক টকা ৷

বন বিষয়াৰ মন্তব্য

ইফালে, ৰোকাখাতা আৰু লক্ষীগঞ্জ খণ্ড বন বিভাগেও নিশা অভিযান চলাই অবৈধ বালি খনন কৰা যন্ত্ৰৰ লগতে বৃহৎ পৰিমাণৰ পিভিচি পাইপ জব্দ কৰে ৷ গৌৰাং নৈৰ সুঁতি এটাৰ পৰা অবৈধভাৱে যন্ত্ৰটোৰে বালি খনন কৰি আছিল বুলি বন বিভাগে জানিবলৈ দিয়ে ৷ আনহাতে, 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাকামাত এখন চালানবিহীন মাটি কঢ়িয়াই নিয়া ট্ৰেক্টৰো জব্দ কৰে বন বিভাগে ৷

লগতে পঢ়ক :বোৱাৰী হত্যাত জড়িত স্বামী-দেওৰক আটক আৰক্ষীৰ

ABOUT THE AUTHOR

...view details