বিলাসীপাৰা, 19 জুলাইঃ বিলাসীপাৰাত সামান্য উন্নত হৈছে বান পৰিস্থিতি ৷ কিন্তু বৰ্তমানো আঁতৰা নাই বান বিধ্বস্ত লোক সকলৰ বিপৰ্যয় | বৃহস্পতিবাৰলৈ বিলাসীপাৰাৰ বিভিন্ন অঞ্চলত জলবন্দী হৈ আছে বহু পৰিয়াল ৷ তীব্ৰ খাদ্য সংকটত ভুগিব লগীয়া হৈছে জলবন্দী পৰিয়ালসমূহে ৷ এনে একাংশ জলবন্দী দুৰ্ভগীয়া পৰিয়ালৰ মাজত বৃহস্পতিবাৰে বিয়লি খাদ্য সামগ্ৰী লৈ উপস্থিত হয় বিলাসীপাৰা মহকুমাৰ চিৰাকুটা গাঁও পঞ্চায়তৰ সভানেত্ৰী শহিদা খাতুন আৰু তেওঁৰ স্বামী আব্দুৰ ৰশিদ শেখ ৷
গাঁঠিৰ ধন ভাঙি বন্যাৰ্তক সাহাৰ্য্য প্ৰদান - bilashipara
এনে একাংশ জলবন্দী দুৰ্ভগীয়া পৰিয়ালৰ মাজত বৃহস্পতিবাৰে বিয়লি খাদ্য সামগ্ৰী লৈ উপস্থিত হয় বিলাসীপাৰা মহকুমাৰ চিৰাকুটা গাঁও পঞ্চায়তৰ সভানেত্ৰী শহিদা খাতুন আৰু তেওঁৰ স্বামী আব্দুৰ ৰশিদ শেখ ৷
![গাঁঠিৰ ধন ভাঙি বন্যাৰ্তক সাহাৰ্য্য প্ৰদান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3881657-thumbnail-3x2-kk.jpg)
গাঁঠিৰ ধন ভাঙি বন্যাৰ্তক সাহাৰ্য্য প্ৰদান
গাঁঠিৰ ধন ভাঙি বন্যাৰ্তক সাহাৰ্য্য প্ৰদান
সভানেত্ৰী গৰাকীৰ নেতৃত্বত গাঁও পঞ্চায়ত খনৰ যমদুৱাৰ, চিৰাকুটা ১ম খণ্ড আৰু চিৰাকুটা ২য় খণ্ড গাঁৱত জলবন্দী হৈ থকা প্ৰায় দুশটা পৰিয়ালৰ মাজত বিস্কুট ,চিৰা, মুড়ি, খোৱা পানী, ফলমুল আদি বিতৰণ কৰা হয় ৷ চৰকাৰী সাহাৰ্য্য সামগ্ৰীৰ পৰা বঞ্চিত জলবন্দী লোক সকলক সম্পূৰ্ণ নিজাববীয়াকৈ এই খাদ্য সামগ্ৰী বোৰ বিতৰণ কৰে সভানেত্ৰী গৰাকীয়ে ৷ বিপদৰ সময়ত মানৱীয়তাৰ পৰিচয় দাঙি ধৰা সভানেত্ৰী গৰাকীৰ এই মহৎ কাৰ্য নিশ্চয় কৈ প্ৰশংসনীয় ৷