পূৱ বিলাসীপাৰা, ১২ ছেপ্টেম্বৰ: তিনিদিনৰ পৰা জ্বৰত ভূগি আছিল ৰমিচা খাতুন নামৰ ষোল্ল বছৰীয়া কিশোৰী গৰাকী ৷ অভিভাৱকে কিশোৰী গৰাকীক বৃহস্পতিবাৰে নিশা প্ৰথমে চাপৰ চিকিৎসালয় লৈ যায় যদিও ক'ৰণা ভাইৰাছৰ উপস্থিতিৰ লক্ষণ দেখিবলৈ পোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । গোৱালপাৰা অসামৰিক চিকিৎসালয়ত কৰা ক’ভিড টেষ্টত কিশোৰী গৰাকীৰ দেহত ক’ভিড 19 ৰ উপস্থিতি ধৰা পৰে আৰু শুকুৰবাৰে বিয়লিলৈ কিশোৰী গৰাকীয়ে কৰিলে মৃত্যুবৰণ ৷
বিলাসীপাৰাৰ চাপৰত ক'ৰণাই ললে কিশোৰীৰ প্ৰাণ
পূৱ বিলাসীপাৰাৰ চাপৰত ক'ৰণাত প্ৰাণ গল এগৰাকী কিশোৰীৰ । মৃত কিশোৰী গৰাকী চাপৰৰ শিমলাবাৰী তৃতীয় খণ্ড গাঁৱৰ প্ৰয়াত ৰমজান আলীৰ কন্যা ৰমিচা খাতুন (১৬) বুলি জানিব পৰা গৈছে ।
বিলাসীপাৰাৰ চাপৰত ক'ৰণাই ললে কিশোৰীৰ প্ৰাণ
অন্য এক খবৰৰ বাবে: জাকজমকতা অবিহনে সৰু পেণ্ডেলতে উদযাপন কৰিব লাগিব পূজা !
ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা ৰমিচা খাতুন পুঠিমাৰী চান্দিৰপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী আছিল । চাপৰৰ মাৰুৱাৰটিলা আঞ্চলিক কৱৰস্থানত প্ৰশাসনৰ সহযোগত স্থানীয় ৰাইজে ক’ভিডৰ নিয়ম অনুযায়ী ছাত্ৰী গৰাকীৰ জানাজা নামাজ সম্পন্ন কৰে । ক’ভিড আক্ৰান্ত হৈ এগৰাকী কিশোৰীৰ মৃত্যুৰ ঘটনাই চাপৰত শোঁক ছা পেলোৱাৰ লগতে সৃষ্টি হৈছে তীব্ৰ আতংকৰো ৷