বিলাসীপাৰা, 18 ছেপ্টেম্বৰঃবিলাসীপাৰাত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হয় এজন কনিষ্টবলৰ ৷ বিগত ৪/৫ দিন ধৰি জ্বৰ-কাহত ভুগি আছিল লুতফৰ ৰহমান নামৰ কনিষ্টবলজন ৷ শুকুৰবাৰে বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও স্বাস্থ্য অৱনতি ঘটাত লোকজনক বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷
বিলাসীপাৰাত কৰ'ণাক্ৰান্ত হৈ কনিষ্টবলৰ মৃত্যু
ৰহমানৰ মৃত্যুৰ বাতৰিত শোকস্তব্ধ হৈ পৰে সম্পূৰ্ণ বিলাসীপাৰা অঞ্চল ৷ উল্লেখ্য যে,এই পৰ্যন্ত সমষ্টিটোত কোভিডৰ ফলত মৃতকৰ সংখ্যা ৫ জনলৈ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে ৷
বিলাসীপাৰা
লগতে পঢ়কঃঅচিন মুখৰ এটি চিনাকি হাঁহি
অৱশেষত বৰপেটা চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় 38 বছৰীয়া কনিষ্টবলজনৰ ৷ বিলাসীপাৰা আৰক্ষী থানাত কনিষ্টবল পদত নিযুক্ত আছিল লুতফৰ ৰহমান ৷ মৃত লোকজনৰ ঘৰ বিলাসীপাৰাৰ লক্ষীগঞ্জত ৷ ৰহমানৰ মৃত্যুৰ বাতৰিত শোকস্তব্ধ হৈ পৰে সম্পূৰ্ণ বিলাসীপাৰা অঞ্চল ৷ উল্লেখ্য যে,এই পৰ্যন্ত সমষ্টিটোত কোভিডৰ ফলত মৃতকৰ সংখ্যা ৫ জনলৈ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে ৷