অসম

assam

বিলাসীপাৰাত পুনৰ এগৰাকী মহিলা ক'ভিড-১৯ত আক্ৰান্ত

By

Published : Apr 23, 2021, 2:59 PM IST

শুক্ৰবাৰে বিলাসীপাৰাত এগৰাকী মহিলাৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি । বিলাসীপাৰা সহকাৰী স্বাস্থ্য কেন্দ্ৰত পৰীক্ষা কৰোৱা হৈছিল মহিলাগৰাকীৰ । এই পৰ্যন্ত বিলাসীপাৰাত আক্ৰান্তৰ সংখ্যা ১৩ জন ।

বিলাসীপাৰাত এগৰাকী মহিলাৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি
বিলাসীপাৰাত এগৰাকী মহিলাৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি

পশ্চিম বিলাসীপাৰা, ২৩ এপ্ৰিল: ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে ক'ভিড-১৯ৰ সংক্ৰমণ । ধুবুৰী জিলাতো সংক্ৰমণৰ ভয়াৱহতা ক্ৰমান্বয়ে বৃদ্ধি পাইছে । শুক্ৰবাৰে বিলাসীপাৰাত এগৰাকী মহিলাৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি । আক্ৰান্ত মহিলাগৰাকী বিলাসীপাৰা চহৰৰ ৮ নং ৱাৰ্ডৰ বাসিন্দা প্ৰীতি নাথ ।

বিলাসীপাৰা সহকাৰী স্বাস্থ্য কেন্দ্ৰত মহিলাগৰাকীৰ ৰেপিড এন্টিজেন টেষ্ট কৰোৱা হৈছিল । বৰ্তমান বিলাসীপাৰাত আক্ৰান্তৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি পাইছে । উল্লেখ্য যে, বিগত ২৪ ঘণ্টাত অসমত নতুনকৈ ১,৯৩১ গৰাকী লোক মহামাৰীৰ কবলত পৰাৰ লগতে ১০ গৰাকী ৰোগীয়ে প্ৰাণ হেৰুৱাইছে ।

লগতে পঢ়ক:২৪ ঘণ্টাত ৰাজ্যত দহগৰাকী ক'ভিড ৰোগীৰ মৃত্যু

ABOUT THE AUTHOR

...view details