পশ্চিম বিলাসীপাৰা,23অক্টোবৰ :পশ্চিম বিলাসীপাৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত বেলগুৰীৰ জনসাধৰণক জ্বলা-কলা খুৱাইছে জৰাজীৰ্ণ এখন বাঁহৰ দলঙে ৷ প্ৰায় 30 বছৰ ধৰি মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰিছে দলংখন ৷ টিপকাই নৈৰ ওপৰত অৱস্থিত এই মৰণফান্দ দলং খনেৰে যাতায়ত কৰে প্ৰায় 10-20 খন গাঁৱৰ ৰাইজে ৷ স্থানীয় লোকৰ অভিযোগ অনুসৰি ইতিমধ্যেই দলংখনৰ পৰা নদীত পৰি একাধিক লোকৰ মৃত্যু পৰ্যন্ত হৈছে ৷ তথাপিও কিন্তু স্থানীয় বিধায়ক হাফিজ বছিৰ আহমেদ, সাংসদ বদৰুদ্দিন আজমল, তথা এম চি এল এ যতীন্দ্ৰ ব্ৰহ্মই দলঙখনৰ মেৰামতিৰ বাবে হাতত লোৱা নাই কোনো ব্যৱস্থা ৷ যাৰ বাবে অঞ্চলবাসী অতিষ্ঠ হৈ বুধবাৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ অতি শীঘ্ৰে এই দলং খনৰ মেৰামতিৰ কাম আৰম্ভ নকৰিলে আগন্তুক বিধানসভা নিৰ্বাচনৰ লগতে বিটিএডিৰ পৰিষদীয় নিৰ্বাচনত ভোট বৰ্জন কৰাৰো হুংকাৰ দিয়ে অঞ্চলবাসীয়ে ৷
জৰাজীৰ্ণ বাঁহৰ দলঙেৰে যাত্ৰা বেলগুৰিবাসীৰ! - BILASHIPARA BROKEN BRIDGE
জৰাজীৰ্ণ এখন বাঁহৰ দলঙে জীয়াতু ভুগাইছে পশ্চিম বিলাসীপাৰাৰ বেলগুৰীবাসীক ৷ প্ৰায় 30 বছৰে মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰা দলং খনেৰে বিপদসংকুল ভাৱে যাতায়ত কৰিছে প্ৰায়10-20 খন গাঁৱৰ ৰাইজে ৷ দলং খন মেৰামতিৰ বাবে কোনো ব্যৱস্থা হাতত নোলোৱাৰক অভিযোগ স্থানীয় বিধায়কৰ বিৰুদ্ধে ৷
ইফালে, স্থানীয় যুৱ নেতা ৰঞ্জয় কুমাৰ ব্ৰহ্মৰ নেতৃত্বত একাংশ ৰাইজে দলঙখন বাঁহৰে নিৰ্মান কৰিছে যদিও বৰ্তমান মেৰামতিৰ অভাৱত বৰ্তমান জহি-খহি যাবলৈ ধৰিছে দলং খন ৷ জহি-খহি যোৱা দলং খনৰ বাবে দুৰ্ভোগ ভুগিছে দলং খনেৰে নিতৌ যাতায়ত কৰা শ-শ শিক্ষাৰ্থীৰ লগতে হাজাৰ-হাজাৰ জনসাধৰণে ৷ আনকি,অঞ্চলবাসীৰ অভিযোগ অনুসৰি ৰোগীসকলক চিকিৎসাললৈ নিবলৈ মৃত্যুঞ্জয় বাহনৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিব লাগে ঠেলা ৷ দলংখন মেৰামতিৰ বাবে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষৰ সহায় বিচাৰিছে যদিও নিৰাশ হ'বলগীয়া হৈছে অঞ্চলবাসী ৷ যাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী হাতত লৱলৈ বাধ্য হৈছে স্থানীয় ৰাইজে ৷ প্ৰতিবাদকাৰীসকলৰ দাবী বোকা ছটিওৱাৰ ৰাজনীতি নকৰি ৰাইজৰ বাবে কাম কৰক ৰাজনৈতিক নেতাসকলে ৷