অসম

assam

By

Published : Apr 15, 2019, 7:50 PM IST

ETV Bharat / state

বহলপুৰত জ্যেষ্ঠ-কনিষ্ঠৰ মহামিলন পৰ্ব

পূব বিলাসীপাৰাৰ বহলপুৰত বহাগৰ প্ৰথম দিনটোতে অঞ্চলটোৰ বয়োজ্যেষ্ঠ সকলক গামোচাৰে সম্বৰ্ধনা জনায় কনিষ্ঠ সকলে । হেঁপাহৰ বহাগত জ্যেষ্ঠ সকলৰ শুভাশীষত জীৱন জীপাল কৰাৰ আশা বিলাসীপাৰাবাসীৰ৷

পূব বিলাসীপাৰাৰ বহলপুৰত জ্যেষ্ঠ-কনিষ্ঠৰ মহামিলন পৰ্ব


বিলাসীপাৰা,15 এপ্ৰিলঃ বহাগৰ পহিলা দিনটোতে পূৱ বিলাসীপাৰাৰ অন্তৰ্গত বহলপুৰ চিলাৰায় সমাজ কল্যাণ সংঘৰ উদ্যোগত বহলপুৰ তটপাৰাস্থিত কালী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় জ্যেষ্ঠ-কনিষ্ঠৰ মহামিলন পৰ্ব৷ এই দিনটোতেই অঞ্চলটোৰ বয়োজ্যেষ্ঠ সকলক কনিষ্ঠ সকলে গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে আশীষ বিচাৰে । লগতে, পৰম্পৰাগত নীতি নিয়ম, পিঠা-পনা আপ্যায়নেৰে অসমীয়াৰ বাপতি সাহোন বিহু উৎসৱ পালন কৰে অঞ্চলটোৰ ৰাইজে ।

পূব বিলাসীপাৰাৰ বহলপুৰত জ্যেষ্ঠ-কনিষ্ঠৰ মহামিলন পৰ্ব

ABOUT THE AUTHOR

...view details