অসম

assam

ETV Bharat / state

গাঁঠিৰ ধন খৰচ কৰি পঞ্চায়ত সভাপতিৰ বাঁহৰ দলং নিৰ্মাণ - বিলাসীপাৰা

বিলাসীপাৰাত নৱ নিৰ্বাচিত গাঁও পঞ্চায়তৰ নিৰ্দলীয় সভাপতিৰ প্ৰশংসনীয় পদক্ষেপ । দীপৰ বিলৰ ওপৰত নিজৰ গাঁঠিৰ ধন খৰচ কৰি সভাপতিৰ বাঁহৰ দলং নিৰ্মাণ ৷

পঞ্চায়তৰ সভাপতিৰ বাহৰ দলং নিৰ্মাণ

By

Published : Apr 25, 2019, 9:07 AM IST

বিলাসীপাৰা,25 এপ্ৰিলঃ ফলিমাৰী দীপৰ বিলৰ ওপৰত এখন দলং নিৰ্মাণ নোহোৱাত যমৰ-যাতনা ভোগ কৰি আহিছিল অঞ্চলটোৰ হাজাৰ হাজাৰ ৰাইজৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে । কিন্তু সেই লৈ জনপ্ৰতিনিধি কিম্বা বিভাগীয় কৰ্তৃপক্ষই কাণসাৰ নিদিয়াৰ অভিযোগ বহুজনৰ । অৱশ্যে গভীৰ নিদ্ৰামগ্ন উৰ্ধতম জনপ্ৰতিনিধি আৰু চৰকাৰলৈ অপেক্ষা নকৰি বিলাসীপাৰা আনন্দ নগৰ বাঙালীপাৰা গাঁও পঞ্চায়তৰ নিৰ্দলীয় সভাপতি জামাল হকে লৈছে এক আকৰ্ষণীয় পদক্ষেপ ।

পঞ্চায়তৰ সভাপতিৰ বাহৰ দলং নিৰ্মাণ

নৱ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি তথা সভাপতি সকলক কোনো ধৰণৰ চৰকাৰী আঁচনি মোকলাই দিয়া নাই যদিও সভাপতি গৰাকীয়ে নিজাববীয়াকৈ 30 হাজাৰ টকা ব্যয় কৰি বিলাসীপাৰাৰ নতুন ফলিমাৰী দীপৰ বিলৰ ওপৰেদি মিৰা কুটি গাঁও সংলগ্ন প্ৰায় তিনিখন গাঁৱৰ ৰাইজৰ সুবিধাৰ বাবে নিৰ্মাণ কৰে 60 মিটাৰ দৈৰ্ঘৰ বাঁহৰ দলং ৷ স্থানীয় ৰাইজ আৰু পঞ্চায়ত খনৰ ৱাৰ্ড সদস্য সকলোকে লগত লৈ সভাপতি গৰাকীয়ে শুভ উদ্বোধন কৰে এই দলংখনৰ । সভাপতি জামাল হকৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে বিলাসীপাৰাবাসীয়ে ।

ABOUT THE AUTHOR

...view details