অসম

assam

ETV Bharat / state

অচিৰেই ৬ জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ আক্ৰাছুৰ - বিলাসীপাৰাত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সংবাদ মেল

উল্লেখ্য যে, উক্ত সংবাদমেলত বিতৰ্কিত "কেব" ৰ বিৰোধীতা কৰে সংগঠনটোৱে ৷ কোনো কাৰণতে অসমত কেব গৃহিত হ'বলৈ দিয়া নহ'ব বুলি সংবাদ মেলত স্পষ্ট মন্তব্য কৰে আক্ৰাছুৰ নেতৃত্বই ৷

আক্ৰাছু সংবাদ মেল
আক্ৰাছু সংবাদ মেল

By

Published : Dec 7, 2019, 7:25 PM IST

বিলাসীপাৰা, 7 ডিচেম্বৰ: ৬ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আক্ৰাছুৱে ৮ ডিচেম্বৰৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাত ৰূপায়ন কৰিব জোঁৰ সমদল কাৰ্যসূচী ৷ শুকুৰবাৰে বিলাসীপাৰাত এখন সংবাদমেল সম্বোধন কৰি এই বিষয়ে সদৰী কৰে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই ৷ বিলাসীপাৰাৰ ডঃ বি,আৰ আম্বেদকাৰ ভৱনত সম্বোধন কৰা এই সংবাদ মেলখনত উপস্থিত থাকে কেন্দ্ৰীয় আক্ৰাছুৰ নেতৃত্ব হিতেশ্বৰ বৰ্মন, কৰ্মেশ্বৰ ৰায়, দিব্যজ্যোতি ডেকা, জীৱেশ ৰায় আৰু দেৱজিৎ ৰায় |

আক্ৰাছু সংবাদ মেল

সংবাদমেলত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰাজ্যৰ ৬ জনগোষ্ঠীক চৰম প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি সংগঠনটোৱে অচিৰেই ৬ জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও চৰকাৰক সকীয়াই দিয়ে ৷ ইয়াৰ বাবে হ'ব পৰা যি কোনো পৰিস্থিতিৰ বাবে চৰকাৰ জগৰীয়া হ'ব বুলি সংবাদমেলত উল্লেখ কৰে আক্ৰাছুৰ নেতৃত্বই ৷

লগতে পঢ়ক:পিঁয়াজে কন্দুৱাইছে

উল্লেখ্য যে, উক্ত সংবাদমেলত বিতৰ্কিত "কেব" ৰ বিৰোধীতা কৰে সংগঠনটোৱে ৷ কোনো কাৰণতে অসমত কেব গৃহিত হ'বলৈ দিয়া নহ'ব বুলি সংবাদ মেলত স্পষ্ট মন্তব্য কৰে আক্ৰাছুৰ নেতৃত্বই ৷

ABOUT THE AUTHOR

...view details