অসম

assam

ETV Bharat / state

চাপৰত বাইক চোৰ আটক

চাপৰৰ বিভিন্ন অঞ্চলৰ পৰা দুখন বাইকসহ তিনিজনকৈ বাইক চোৰ আটক ৷ পূৱ বিলাসীপাৰাৰ চাপৰ থানাৰ অন্তৰ্গত ৰৌমাৰী গাঁৱৰ পৰা এখন পালচাৰ বাইক চুৰি হোৱাৰ পিছত বাইকৰ গৰাকীয়ে চাপৰ থানাত এজাহাৰ দাখিল কৰে ৷

By

Published : Jun 30, 2021, 8:19 PM IST

bike thief arrested at bilashipara
চাপৰত বাইক চোৰ আটক

পূৱবিলাসীপাৰা, 30 জুন :চাপৰ আৰক্ষীৰ বৃহৎ সফলতা । চাপৰৰ বিভিন্ন অঞ্চলৰ পৰা দুখন বাইকসহ তিনিজনকৈ চোৰক আটক কৰে আৰক্ষীয়ে । ৰাজ্যত সক্ৰিয় বাইক চুৰি চক্ৰৰ সৈতে জড়িত থকাৰ সন্দেহ কৰা হৈছে । বৰ্তমানেও চাপৰ আৰক্ষীৰ অভিযান অব্যাহত আছে ।

পূৱ বিলাসীপাৰাৰ চাপৰ থানাৰ অন্তৰ্গত ৰৌমাৰী গাঁৱৰ পৰা এখন পালচাৰ বাইক চুৰি হোৱাৰ পিছত বাইকৰ গৰাকীয়ে চাপৰ থানাত এজাহাৰ দাখিল কৰে ৷ সেই এজাহাৰৰ ভিত্তিত নিশা চাপৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ দলেৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই চাপৰৰ বিভিন্ন অঞ্চলত অভিযান চলাই এখন নম্বৰ প্লেটবিহীন পালচাৰ বাইক আৰু এখন হিৰ’ গ্লেমাৰ বাইকসহ তিনিজনকৈ বাইক চোৰক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন বাইক চোৰ কেইটা ক্ৰমে হাৰুণ ৰশিদ, মিজানুৰ মণ্ডল, চাইদুল ইছলাম ।

লগতে পঢ়ক:মন্থৰ গতিত টীকাকৰণৰ চৰকাৰী বিশাল কাৰ্যসূচী

ABOUT THE AUTHOR

...view details