ধুবুৰী, 26 নৱেম্বৰঃমঙলবাৰে ব্যক্তিগত কাৰ্যসূচী লৈ জীয়ৰী সুমন হৰিপ্ৰিয়াৰ সৈতে ধুবুৰীত উপস্থিত হয় প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী ৷ ধুবুৰীলৈ অহাৰ পথত বগৰীবাৰীৰ ঐতিহ্যমণ্ডিত মহামায়া মন্দিৰ আৰু স্নানঘাট দৰ্শন কৰি আৱৰ্ত ভৱনত উপস্থিত হয় প্ৰাক্তন সাংসদগৰাকী ৷ এন আৰ চিৰ বিষয়ে সাংবাদিকে শোধা প্ৰশ্নত ১৯৭১ চনত বাংলাদেশ যুদ্ধৰ সময়ত পূৱ পাকিস্তানৰ পৰা প্ৰায় ১০ লাখ বাংলাদেশী মুছলমানক অসমত আনি স্থান দিয়া হৈছিল ৷ কিন্তু যেতিয়া বাংলাদেশ হ'ল সেই মানুহখিনি উভতি নগ'ল ৷ এন আৰ চি উন্নীতকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ চন কৰাৰ লগে লগে সেই মানুহখিনিও ভাৰতীয় নাগৰিকত্বৰ আওতাৰ ভিতৰত সোমাই পৰিল ৷ গতিকে স্বাভাৱিকতে মোৰ নিচিনা বহু লোকে ১৯৭১ ক কাট অফ ইয়াৰ ৰূপে মানি ল'বলৈ টান পায় বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে বিজয়া চক্ৰৱৰ্তীয়ে ৷
মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ বাবে পাকিস্তান আছেঃ বিজয়া চক্ৰৱৰ্তী - Bijaya Chakraborty on NRC news
নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত মন্তব্য কৰি কয় যে, মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ বাবে ইছলামিক দেশ পাকিস্তান আছে ৷ গতিকে তেওঁলোকক অনাৰ কোনো প্ৰয়োজন নাই ৷ কিন্তু হিন্দু লোকলকলৰ বাবে হিন্দু প্ৰধান দেশ ভাৰত আৰু নেপাল খনেই আছে ৷

আনহাতে,অসম চুক্তিৰ ৬নং দফাটো সুন্দৰ হোৱা বুলি অভিহিত কৰি তেখেতে কয় যে,"৬নং দফাটো প্ৰয়োজনীয় ৷ ইয়াত অসমীয়াৰ সম্পূৰ্ণ সংজ্ঞা আনি আমাৰ মানুহক-অসমীয়া মানে অসমীয়া,বঙালী,মাৰোৱাৰী,নেপালী সকলোকে বুজাইছো,সকলোকে ৰক্ষণাবেক্ষণ দিয়াৰ বাবে ৬নং দফাটো বৰ সুন্দৰ হৈছে ৷" ইয়াৰ উপৰিও নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত মন্তব্য কৰি কয় যে, মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ বাবে ইছলামিক দেশ পাকিস্তান আছে ৷ গতিকে তেওঁলোকক অনাৰ কোনো প্ৰয়োজন নাই ৷ কিন্তু হিন্দু লোকলকলৰ বাবে হিন্দু প্ৰধান দেশ ভাৰত আৰু নেপাল খনেই আছে ৷ লগতে ধুবুৰী,বৰপেটা আৰু গোৱালপাৰা আদি জিলাত বিজেপিয়ে আশংকা কৰা মতে এন আৰ চিৰ পৰা বহুলোকৰ নাম কটা নোযোৱাটো এন আৰ চিৰ বাবে অৰ্থহীন হ'ল বুলি চাঞ্চল্যকৰ মন্তব্য কৰে বিজেপি নেত্ৰী বিজয়া চক্ৰৱৰ্তীয়ে ৷
লগতে পঢ়ক- ধেমাজিত সাংবাদিকক আক্ৰমণ কৰা ঘটনা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ