অসম

assam

ETV Bharat / state

চাপৰৰ গেছ এজেন্সিত BIEO ৰ অভিযান

এজেন্সিটোৰ বিষয়া-কৰ্মচাৰীৰ লুণ্ঠনত অতিষ্ঠ গ্ৰাহকে অৱশেষত আশ্ৰয় ল’লে BIEO (Bureau of Investigation of Economic Offences) ৰ । যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰে হঠাৎ BIEO ৰ দল এটাই অভিযান চলায় এজেন্সিটোত ৷

চাপৰৰ গেছ এজেন্সিত BIEO ৰ অভিযান

By

Published : May 6, 2019, 8:12 PM IST

ধুবুৰী, 6 মে': পূৱ বিলাসীপাৰাৰ চাপৰৰ মহামায়া গেছ এজেন্সিত প্ৰধানমন্ত্ৰী উজলা যোজনাৰ অধীনত গেছ বিতৰণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন । এজেন্সিটোৰ বিষয়া-কৰ্মচাৰীৰ লুণ্ঠনত অতিষ্ঠ গ্ৰাহকে অৱশেষত আশ্ৰয় ল’লে BIEO (Bureau of Investigation of Economic Offences) ৰ । যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰে হঠাৎ BIEO ৰ দল এটাই অভিযান চলায় এজেন্সিটোত । অভিযানকাৰী দলটোক তীব্ৰ বাক্য বানেৰে থকা সৰকা কৰে উপস্থিত ৰাইজে । ইপিনে, অভিযানকাৰী দলটোৱে ঘটনা সংক্ৰান্তত বিলাসীপাৰাৰ ৰাতুল চক্ৰৱৰ্তী নামৰ ব্যক্তি এজনৰ ঘৰতো অভিযান চলায় । ব্যক্তি গৰাকীৰ লগত অভিযানকাৰী দলটোৱে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে ৰাতুল চক্ৰৱৰ্তীয়ে ৷

চাপৰৰ গেছ এজেন্সিত BIEO ৰ অভিযান

ABOUT THE AUTHOR

...view details