ধুবুৰী, 23 ফেব্ৰুৱাৰী :‘‘ভূপেন বৰাৰ পলিটিক্সৰ চেঞ্চ নাই ৷ ভূপেন বৰাই নাজানে পলিটিক্সৰ এবিচিডি ৷ নিৰ্বাচনৰ পূৰ্বে খাল্লাচ ভূপেন বৰা । ভূপেন বৰা বিজেপিৰ বি টিম । মই ভূপেন বৰাৰ বাবে দোৱা কৰিম ৷ আল্লাই ভূপেনক পলিটিকেল বুদ্ধি দিয়ক ৷’’ বৃহস্পতিবাৰে ধুবুৰীত সাংবাদিকৰ আগত এই মন্তব্য কৰে AIUDF প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলে (Ajmal controversial remark) ৷
উল্লেখ্য যে, বিগত কেবাদিন ধৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু এ আই ইউ ডি এফ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলৰ ৰাজনৈতিক বাকযুদ্ধই বিশেষ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক মহলত । তেনে সময়তে ভূপেন বৰাসহ কংগ্ৰেছৰ নেতাসকলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰা টকা লোৱা বুলি আজমলে বিভিন্ন সময়ত অভিযোগ উত্থাপিত কৰি আহিছে ।
আনকি ধুবুৰীৰ বিলাসীপাৰাত উপস্থিত হৈ ভূপেন বৰাই বিজেপিৰ পৰা টকা লোৱাৰ উপৰিও বিজেপিৰ বি টিম বুলি চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছিল আজমলে (Badruddin Ajmal reacted on Bhupen Bora comments in Dhubri) ৷ ইয়াৰ পিচত বিজেপিৰ পৰা এশ পইচা বা এশ টকা লৈছো যদি আজমলে প্ৰমাণ দিয়ক আৰু প্ৰমাণ দিব পাৰিলে ৰাজনৈতিক সন্যাস ল’ম বুলি ভূপেন বৰাই আজমলক প্ৰত্যাহ্বান জনাইছিল ।
ভূপেন বৰাৰ এই মন্তব্যৰ পিচতেই বৃহস্পতিবাৰে ধুবুৰীত উপস্থিত হৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আজমলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক উভতি ধৰি তীব্ৰ সমালোচনা কৰে ৷ লগতে আজমলে ভূপেন বৰাক কটাক্ষ কৰি কয়, ‘‘ভূপেন বৰা পাগল হৈছে ৷ তেওঁক ব্ৰেলিলৈ পঠিয়াই দিয়ক’’ (Badruddin Ajmal on Bhupen Bora) ।
আনহাতে, বিজেপিৰ পৰা ধন লোৱা সন্দৰ্ভত প্ৰমাণ বিচাৰি ভূপেন বৰাই আজমলক প্ৰত্যাহ্বান জনোৱাৰ প্ৰত্যুত্তৰত আজমলে কয়, ‘‘লোকসভা নিৰ্বাচনৰ 18 দিন পূৰ্বে তথ্য সহকাৰে সকলো ফাদিল কৰিম । এতিয়া একো নকওঁ’’ বুলিও আজমলে কয় ।