ধুবুৰী, 4 ডিচেম্বৰ:এফালে গুৱাহাটীত বহি বদৰুদ্দিন আজমলে কংগ্ৰেছৰ সৈতে পুনৰ মিত্ৰতা কৰাৰ পোষকতা কৰিছে আৰু আনফালে ধুবুৰীৰ পৰা আজমলক ওফৰাই পঠোৱাৰ হুংকাৰ দিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Bhupen Bora challenged AIUDF chief) ৷ অৱশ্যে মিত্ৰতাৰ পোষকতা কৰিলেও বৃহস্পতিবাৰ আৰু শুকুৰবাৰে আজমলে সংবাদমাধ্যমৰ সমুখত কঠোৰ সমালোচনা কৰে কংগ্ৰেছক ৷ ভূপেন বৰাৰ হুংকাৰ তাৰেই যেন এক প্ৰত্যুত্তৰ (Bhupen Bora replies on Ajmal comment) ৷
ভূপেন বৰাই কয় যে, বিজেপি আৰু আৰ এছ এছে ১৯৮০ চনৰ পৰাই সম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰিব বিচাৰিছিল অসমত (Bhupen Bora termed AIUDF communal) । কিন্তু সফল হোৱা নাছিল । কিন্তু আজমলৰ AIUDF জন্ম হোৱাৰ পিছতেই আৰ এছ এছ আৰু বিজেপিৰ পথাৰখন সাৰুৱা হ’বলৈ আৰম্ভ হয় । আনপিনে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গোপনে সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰাৰো অভিযোগ কৰে ভূপেন বৰাই।
সাম্প্ৰদায়িক বিষবাষ্প যদি নিঃশেষ কৰিব লগা হয়, তেন্তে বিজেপি আৰু AIUDF দুয়োটা সাম্প্ৰদায়িক শক্তিক নিৰ্মূল কৰিব লাগিব বুলিও মন্তব্য কৰে ভূপেন বৰাই (Bhupen Bora on challenge)।
কংগ্ৰেছৰ ভুলৰ বাবেই ধুবুৰীৰ পৰা AIUDF ক উৎখাত কৰাৰ সংকল্প লোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় যে, যিদিনা ধুবুৰীত AIUDF ৰ ভেটি খহিব সেইদিনা দিছপুৰৰ মচনদৰ পৰা বিজেপি আপোনা আপোনি খহি পৰিব । লগতে আজমলে ভূপেন বৰাক আক্ৰমণ কৰি এক কোটি টকাৰ চেলেঞ্জ কৰাৰ পিছত ভূপেন বৰাই কয়, ‘‘আজমলে এক কোটি টকা দিলে আমাৰ ভাৰত জোড়ো যাত্ৰাত খিচিৰিৰ সলনি বেলেগ ভোজৰ আয়োজন কৰা যাব’’ ।
আগন্তুক লোকসভা নিৰ্বাচনত (Lok Sabha election 2024) কংগ্ৰেছে বদৰুদ্দিন আজমলক ধুবুৰীৰ পৰা উৎখাত কৰাৰ সংকল্প লৈছে বুলি উল্লেখ কৰে ভূপেন বৰাই ৷ অহা লোকসভা নিৰ্বাচনত আজমলৰ ভেটি ধুবুৰীত খহিব আৰু ধুবুৰী কংগ্ৰেছৰ দখললৈ আহিব বুলি দাবী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে । অনহাতে লোকসভা নিৰ্বাচনত গুৱাহাটীৰ পৰা ভূপেন বৰাই নিজে প্ৰতিদ্বন্দিতা কৰিব বুলি দাবী কৰাৰ বিপৰীতে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে ভূপেন বৰাই চেলেঞ্জ কৰে মুখ্যমন্ত্ৰীক (Bhupen Borah challenged CM Himanta Biswa Sarma) ।
লগতে পঢ়ক:Ajmal on Congress: কংগ্ৰেছত আছে হিমন্ত বিশ্ব শৰ্মাৰ পেইড লীডাৰ; দৃঢ় বিশ্বাসী আজমল