ধুবুৰী, 10 জানুৱাৰী :বিগত বৰ্ষৰ দৰে এইবেলিও ভোগালী উপলক্ষে ভোগালী মেলাৰ আয়োজন কৰিছে ধুবুৰীৰ সংঘমিত্ৰা ফেডাৰেচনে । ধুবুৰীৰ 2365 নং শিশু কল্যাণ প্ৰাইমাৰী স্কুল খেলপথাৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ভোগালী মেলাত বিভিন্ন আত্মসহায়ক গোটৰ ফালৰ পৰা প্ৰায় 30 টা বিপনী খোলা হৈছে ।
প্ৰতিটো বিপনীত চিৰা, মুড়ি, লাৰু, পিঠাগুৰি, তেলপিঠা, তিল পিঠা, দৈ আদি বিভিন্ন প্ৰকাৰৰ থলুৱা খাদ্য সম্ভাৰ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে । আধুনিক যুগৰ নৱ-প্ৰজন্মৰ মাজৰ পৰা অসমীয়া পৰম্পৰা খাদ্য সম্ভাৰ ক্ৰমাৎ হেৰাই যোৱাৰ প্ৰতি লক্ষ্য কৰি বিগত 6 বছৰে এই মেলাৰ আয়োজন কৰি আহিছে সংঘমিত্ৰা ফেডাৰেচনে । উল্লেখ্য যে, দেওবাৰে মেলাৰ দ্বাৰ উন্মোচন কৰে জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ।